fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! চাইকেলিঙৰ সময়তে অচিনাক্ত বাহনে মহটিয়াই লৈ গ’ল শীৰ্ষ আৰক্ষী বিষয়াক, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ সদায়ৰ দৰে চাইকেলিঙৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া।

শনিবাৰে হাৰিয়ানাৰ ৰতিয়া অঞ্চলত চাইকেল চলাই গৈ থকা সময়তে তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাৰিয়ানাৰ উপ আৰক্ষী অধীক্ষক (ডিএছপি) চন্দ্ৰপাল।

গুৰুতৰভাৱে আহত আৰক্ষী বিষয়াগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে বাহনসহ চালকজনে।

দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ডিএছপি চন্দ্ৰপালে চাইকেলিঙৰ সময়ত ব্যৱহাৰ কৰা চাইকেলখনৰ লগতে হেলমেট আৰু পানীৰ বটল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

জানিব পৰা মতে, স্বাস্থ্য সচেতন আৰক্ষী বিষয়া চন্দ্ৰপালে প্ৰায়ে নিজে চাইকেলিং কৰাৰ লগতে যুৱ প্ৰজন্মকো চাইকেল চলাবলৈ উদ্বুব্ধ কৰি আহিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!