অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! চলন্ত ৰে’লত হঠাৎ লোহাৰ ৰ’ডে ডিঙি ভেদ কৰি গ’ল খিৰিকিৰ কাষৰ চিটত বহি থকা যাত্ৰীৰ, মৃত্যু

নিউজ ডেস্কঃ চলন্ত ৰে’লত খিৰিকিৰ কাষৰ চিটত বহি থকা এজন যাত্ৰীৰ হঠাৎ ডিঙি ভেদ কৰি গ’ল খিৰিকিৰ সোমাই অহা এডাল লোহাৰ ৰ’ড।

যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় যাত্ৰীজনে।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ সংমণ্ডলত।

জানিব পৰা মতে, যাত্ৰীজনে দিল্লী-কানপুৰ নীলাচল এক্সপ্ৰেছত যাত্ৰা কৰি থকাৰ সময়তে শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

বাতৰি অনুসৰি, যাত্ৰীজনে ৰে’লৰ ডবাত খিৰিকিৰ কাষৰ এটা চিটত নিৰৱে বহি থকাৰ সময়তে হঠাৎ ৰেলখনৰ খিৰিকি ভাঙি এডাল জোঙা লোহাৰ ৰ’ড সোমাই আহে।

এই লোহাৰ ৰ’ডডালে খিৰিকিমুখত বহি থকা যাত্ৰীজনৰ ডিঙি ভেদি যোৱাত ৰক্তক্ষৰণ হৈ তাতেই মৃত্যুবৰণ কৰে।

পিছত আলিগড় ষ্টেছনত ৰে’লখন ৰখাই যাত্ৰীজনৰ মৃতদেহটো ৰে’ল আৰক্ষীক চমজাই দিয়া হয়।

জানিব পৰা মতে, এই দুৰ্ঘটনাৰ সময়ত ৰে’লপথৰ মেৰামতিৰ কাম চলি আছিল।

অৱশ্যে ৰ’ডডাল কেনেকৈ খিৰিকি ভাঙি ৰে’লৰ ভিতৰত সোমাল, সেয়া এতিয়াও স্পষ্ট নহয়।

ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’ল বিভাগে।

Related Articles

Back to top button