শোকাবহ! ঘৰৰ চাদত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ ৰীল ভিডিঅ’ৰে জনপ্ৰিয় হৈ পৰা নৃত্যশিল্পী লীনাৰ…

নিউজ ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাৰ আত্মহত্যাৰ পিছত এইবাৰ একেই পথ বাচি ল’লে আন এগৰাকী মহিলা জনপ্ৰিয় ইউটিউবাৰ তথা নৃত্যশিল্পীয়ে।

ছত্তীশগড়ৰ ৰায়গড়ৰ নিৱাসী লীনা নাগৱানশী নামৰ ইউটিউবাৰগৰাকীয়ে নিজৰ ঘৰত কোনো নথকা অৱস্থাত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

image 167
শোকাবহ! ঘৰৰ চাদত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ ৰীল ভিডিঅ’ৰে জনপ্ৰিয় হৈ পৰা নৃত্যশিল্পী লীনাৰ… 4

জানিব পৰা মতে, ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰা লীনা বি.কমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল।

নৃত্য ভিডিঅ’ৰ লগতে ইউটিউব ভ্লগ আৰু ৰীল ভিডিঅ’ৰ জৰিয়তে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল লীনা।

image 168
শোকাবহ! ঘৰৰ চাদত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ ৰীল ভিডিঅ’ৰে জনপ্ৰিয় হৈ পৰা নৃত্যশিল্পী লীনাৰ… 5

কিন্তু ২৬ ডিচেম্বৰৰ বিয়লি মাতৃয়ে বজাৰ কৰিবলৈ যোৱাৰ সময়তে ঘৰৰ চাদত চিপ লৈ আত্মহত্যাৰ পথ বাচি লয় ২২ বৰ্ষীয় যুৱতীগৰাকীয়ে।

image 169
শোকাবহ! ঘৰৰ চাদত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ ৰীল ভিডিঅ’ৰে জনপ্ৰিয় হৈ পৰা নৃত্যশিল্পী লীনাৰ… 6

ৰায়পুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লীনাই কি কাৰণে আত্মহত্যাৰ পথ বাচি ল’লে সেয়া এতিয়াও স্পষ্ট নহয়।

ইতিমধ্যে আৰক্ষীয়ে এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।