fbpx
অসমীয়াঅসম

শোকাবহ! ঘৰত শুই থকা সময়তে সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সৰুমাই বৰাৰ…

নিউজ ডেস্কঃ পুৱা শেতেলিত শুই থকা সময়তে বাসগৃহত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত।

জানিব পৰা মতে, পুৱা গাঁওখনৰ নিৱাসী অনিল বৰাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।

যাৰ ফলত বিচনাতে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে অনিল বৰাৰ পত্নী সৰুমাই বৰা (৬৫)ৰ।

আনহাতে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তেওঁলোকৰ বাসগৃহটোও।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Related Articles

Back to top button