শোকাবহ! ঘৰত ডেৰমাহৰ ছুটি কটাই মাত্ৰ এসপ্তাহ পূৰ্বে পুনৰ কৰ্বত্যথলীলৈ উভতিছিল সেনা জোৱান সোমবীৰে, কিন্তু ছিক্কিমৰ দুৰ্ঘটনাত হ’ল শ্বহীদ…

নিউজ ডেস্কঃ ছুটিত ঘৰলৈ আহি আপোন ভূমিত প্ৰায় ডেৰমাহ কটাই মাত্ৰ এসপ্তাহ পূৰ্বে পুনৰ কৰ্তব্যত যোগদান কৰিছিল ভাৰতীয় সেনা জোৱান সোমবীৰে।

কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসত ছিক্কিমত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল দুই সন্তানৰ পিতৃ সোমবীৰৰো।

শুকুৰবাৰে ছিক্কিমত সেনা কঢ়িওৱা এখন ট্ৰাক দ খাৱৈত বাগৰি পৰাৰ ফলত ১৬ জনকৈ জোৱান শ্বহীদ হয়। শ্বহীদ জোৱান সকলৰ ভিতৰত আছে হাৰিয়ানাৰ হিছাৰ জিলাৰ নিৱাসী সোমবীৰো।

image 137
শোকাবহ! ঘৰত ডেৰমাহৰ ছুটি কটাই মাত্ৰ এসপ্তাহ পূৰ্বে পুনৰ কৰ্বত্যথলীলৈ উভতিছিল সেনা জোৱান সোমবীৰে, কিন্তু ছিক্কিমৰ দুৰ্ঘটনাত হ’ল শ্বহীদ… 4

ভাৰতীয় সেনা জোৱানজনৰ শ্বহীদ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে তেওঁৰ জন্মগাঁও ছিণ্ডোলত। কান্দোনত ভাগি পৰে পত্নী আৰু পৰিয়ালৰ আন সদস্যসকল।

এটি ৩ বছৰীয়া পুত্ৰ সন্তান আৰু এটি এবছৰীয়া কন্যা সন্তানৰ পিতৃ সোমবীৰৰ মৃত্যুৱে ঘৰত ৫৫ দিন কটাই মাত্ৰ এসপ্তাহ পূৰ্বে পুনৰ কৰ্তব্যস্থলীলৈ উভতিছিল।

image 138
শোকাবহ! ঘৰত ডেৰমাহৰ ছুটি কটাই মাত্ৰ এসপ্তাহ পূৰ্বে পুনৰ কৰ্বত্যথলীলৈ উভতিছিল সেনা জোৱান সোমবীৰে, কিন্তু ছিক্কিমৰ দুৰ্ঘটনাত হ’ল শ্বহীদ… 5

জানিব পৰা মতে, সোমবীৰৰ নশ্বৰ দেহ শনিবাৰে নিশা দিল্লী বিমান বন্দৰত উপস্থিত হ’ব। তাৰ পৰাই দেওবাৰে হিছাৰলৈ আনি সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব জোৱানগৰাকীৰ।

উল্লেখ্য যে, ২০১৫ চনৰ ২৬ জুনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল সোমবীৰে। এগৰাকী সুদক্ষ খো-খো খেলুৱৈ হিচাপেও পৰিচিত আছিল সোমবীৰ।

image 139
শোকাবহ! ঘৰত ডেৰমাহৰ ছুটি কটাই মাত্ৰ এসপ্তাহ পূৰ্বে পুনৰ কৰ্বত্যথলীলৈ উভতিছিল সেনা জোৱান সোমবীৰে, কিন্তু ছিক্কিমৰ দুৰ্ঘটনাত হ’ল শ্বহীদ… 6

গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, শেষবাৰ ছুটিত সোমবীৰ ঘৰলৈ অহাৰ সময়ত গাঁৱৰ যুৱক সকলক সেনা বাহিনীত যোগদানৰ বাবে উদ্বুব্ধ কৰিছিল আৰু শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰিছিল।