ৰাষ্ট্ৰীয়অসমীয়া

শোকাবহ ঘটনা! নৰ্দমাত আবদ্ধ ৩ শ্ৰমিকক উদ্ধাৰৰ চেষ্টা ৰিক্সা চালকৰ, চাৰিওজনৰে মৃত্যু

নিউজ ডেস্ক। উত্তৰ-পশ্চিম দিল্লীৰ সঞ্জয় গান্ধী পৰিবহণ নগৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা।

মঙলবাৰে সন্ধিয়া ৰোহিনী চেক্টৰ ১৬ৰ এটা নৰ্দমাত তিনিজন শ্ৰমিক পৰি মৃত্যু মুখত পৰে। ইফালে শ্ৰমিক কেইজনক বচাবলৈ চেষ্টা কৰি নৰ্দমাৰ ভিতৰত আৱদ্ধ হৈ পৰা আন ৰিক্সা চালকৰো মৃত্যু ঘটে।

নিশা বহু দেৰিলৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

G8 9

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্ৰথমে নলাত বাগৰি পৰা তিনিওজন লোক ব্যক্তিগতভাৱে চুক্তিবদ্ধ কৰ্মচাৰী আছিল আৰু ঘটনাটোৰ সময়ত এমটিএনএল লাইনত কাম কৰি আছিল।

এনডিআৰএফৰ সহকাৰী কমাণ্ডেণ্ট শ্ৰী নিৱাসে জানিবলৈ দিয়া মতে, ইতিমধ্যে চাৰিজনৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে সন্ধিয়া প্ৰায় ৬.৩০ বজাত এই দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপক বিভাগ আৰু এনডিআৰএফৰ সহযোগিতাত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইফালে নিহত শ্ৰমিক কেইজনক ক্ৰমে বাচ্ছু সিং, পিণ্টু আৰু সূৰজ কুমাৰ চাহনী বুলি চিনাক্ত কৰা হৈছে। আনহাতে শ্ৰমিক কেইজনক বচাবলৈ গৈ প্ৰাণ হেৰুওৱা ৰিক্সা চালকজনক ৰোহিণীৰ চেক্টৰ ১৬ৰ সদৰ কলনীৰ নিৱাসী সতীশ (৩৮) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, নৰ্দমাৰ ভিতৰৰ বিষাক্ত গেছৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট পলম হয়। যাৰ বাবে নৰ্দমাৰ ভিতৰতে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় চাৰিওজনে।

Related Articles

Leave a Reply

Back to top button