
নিউজ ডেস্কঃ নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ গৈ মধ্যপ্ৰদেশত চোৰাং চিকাৰীৰ গুলীত শ্বহীদ হ’ল তিনিগৰাকীকৈ আৰক্ষী। মধ্যপ্ৰদেশৰ গুনাত সংঘটিত এই শোকাবহ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সুৰক্ষা কৰ্মীৰ নিৰাপত্তাক লৈওক প্ৰশ্নৰ উত্থাপন কৰিছে।
ইফালে শনিবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এক জৰুৰী বৈঠকৰ আহ্বান কৰে। ইতিমধ্যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গোৱালিয়ৰৰ আইজি অনিল শৰ্মাক বদলি কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে শ্বহীদ জোৱান কেইগৰাকীৰ পৰিয়াললৈ এক কোটি টকাকৈ আৰ্থিক সাহায্য আৰু এটাকৈ চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা কৰিছে।
জানিব পৰা মতে, শুকুৰবাৰে নিশা গুণাৰ চাগা বৰখেদা অঞ্চলত হৰিণৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। এই অভিযান কালত ৪-৫জনীয়া চোৰাং চিকাৰীৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়ে।

কিন্তু চোৰাং চিকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষৰ মাজতে গুলীবিদ্ধ হৈ শ্বহীদ হয় আৰক্ষীৰ উপ পৰিদৰ্শক ৰাজকুমাৰ জাটভ, হেড কনিষ্টবল শান্তাৰাম মীনা আৰু কনিষ্টবল নীৰজ ভাৰ্গৱে।
বাতৰি অনুসৰি, হাতত গুলী লগাৰ পিছতো এছআই ৰাজকুমাৰ জাটভে বহু সময় ধৰি ৰাউণ্ড ফায়াৰিং কৰি দুৰ্বৃত্তৰ দলটোক প্ৰতিহত কৰিবলৈ চেষ্টা কৰে। কিন্তু অধিক ৰক্তক্ষৰণৰ ফলত অৱশেষত তেওঁৱো প্ৰাণ হেৰুৱায়। সংঘৰ্ষত আৰক্ষীৰ বাহন চালকজনো গুৰুতৰভাৱে আহত হয়।

ইফালে আৰক্ষীৰ প্ৰত্যুত্তৰত এজন চোৰাং চিকাৰীও নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত চোৰাং চিকাৰীজনক নৌশাদ মেৱাতী বুলি চিনাক্ত কৰা হৈছে।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰা মতে, অভিযুক্ত চোৰাং চিকাৰীৰ দলটোৰ চিনাক্তকৰণ কৰা হৈছে আৰু আৰক্ষীয়ে তীব্ৰগতিত অভিযান অব্যাহত ৰাখিছে।

বাতৰি অনুসৰি, আৰক্ষীয়ে চোৰাং চিকাৰীৰ দলটোৰ পৰা ৫টা হৰিণ আৰু এটা ময়ুৰৰ অৱশেষ জব্দ কৰিবলৈ সক্ষম হৈছে। ইফালে শ্বহীদ আৰক্ষী কেইজনৰ অন্তিম সংস্কাৰ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, শ্বহীদ কেইগৰাকীৰ অন্তিম সংস্কাৰত নিজ নিজ জিলাৰ প্ৰভাৰী মন্ত্ৰীসকলেও ভাগ ল’ব।
गुना में शिकारियों का मुकाबला करते हुए हमारे पुलिस के जवानों ने शहादत दी है। अपराधियों के खिलाफ ऐसी कार्रवाई होगी, जो इतिहास में उदाहरण बनेगी।
— Shivraj Singh Chouhan (@ChouhanShivraj) May 14, 2022
अपराधियों की लगभग पहचान हो गई। जांच चल रही है। पुलिस फोर्स को भेजा गया है। अपराधी किसी भी कीमत पर नहीं बचेंगे। pic.twitter.com/sOCNCAmXFd
আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধীয়ে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমলনাথে ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ কৰি গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে। আন আন বিৰোধী নেতাসকলো সৰৱ হৈ পৰিছে তিনি আৰক্ষীৰ মৃত্যুক লৈ।