শোকাবহ! গাঁৱলীয়া চিকিৎসা গ্ৰহণ কৰি অকাল মৃত্যুক সাৱটিলে ছাত্ৰী জুনুমণিয়ে…

নিউজ ডেস্কঃ আধুনিক চিকিৎসাৰ নতুন যুগতো গাঁওলীয়া বেজ-কবিৰাজৰ ভুল চিকিৎসা গ্ৰহণ কৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ছাত্ৰীয়ে।

দৰং জিলাৰ দুনীত সঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী তথা প্ৰসন্ন নাথ আৰু ৰীতা দেৱীৰ কন্যা জুনুমণি নাথ কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল।

শৰীৰত তেজৰ পৰিমাণ কমি যোৱাত মাহেকীয়া ঋতুস্ৰাৱ ব্যহত হোৱাত প্ৰায় এমাহ পূৰ্বে দৰিদ্ৰ পৰিয়ালটোৱে জুনুমণিৰ চিকিৎসাৰ বাবে কাষ চাপিছিল এজন কবিৰাজৰ।

কিন্তু সেই কবিৰাজজনে দিয়া ঔষধ খোৱাৰ পিছতে অত্যাধিক ৰক্তপাত হৈ একেবাৰে দুৰ্বল হৈ পৰে জুনুমণি।

তাৰ পিছতে ছাত্ৰীগৰাকীক পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও বুধবাৰে হাস্পতালতে প্ৰাণ ত্যাগ কৰে জুনুমণিয়ে।

ছাত্ৰীগৰাকীয়ে পূৰ্বেই আধুনিক চিকিৎসা গ্ৰহণ কৰা হ’লে, এনেদৰে মৃত্যুক সাৱটিবলগীয়া নহ’লহেঁতেন বুলি মন্তব্য কৰি এতিয়া জুনুমনিৰ মৃত্যুত শোক ব্যক্ত কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে।