
নিউজ ডেস্কঃ গংগাৰ পাৰত ফটো তুলিবলৈ গৈ উত্তৰ প্ৰদেশৰ আৰাউলৰ আচেন কোঠী ঘাটত সন্ধানহীন হোৱা ৬ শিশুৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিলহাউৰ আৰক্ষীয়ে।
উল্লেখ্য যে, ৪ অক্টোবৰৰ বিয়লি গংগাৰ পাৰত ফটো তুলিবলৈ আহিছিল ৬ সম্পৰ্কীয় কিশোৰ-কিশোৰীয়ে।
গংগাৰ পানীত নামি ফটো তুলি থাকোতেই হঠাৎ গংগাৰ কোবাল সোঁতে উটুৱাই লৈ যায় এগৰাকী কিশোৰীক। তাৰ পিছতে কিশোগৰাকীক বচোৱাৰ চেষ্টা চলাই এজন এজনকৈ আটাইকেইজন কিশোৰ-কিশোৰী গংগাত ডুব যায়।

ইয়াৰ পিছতে এছডিআৰএফ আৰু আৰক্ষীয়ে অভিযান চলাই প্ৰথম দিনা এজন কিশোৰৰ আৰু দ্বিতীয় দিনা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰে।
তাৰ পিছতে তৃতীয় দিনাৰ অভিযানত দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত উদ্ধাৰ হয় আন কেইজন কিশোৰ-কিশোৰীৰ মৃতদেহ।
নিহত সকলক অনুষ্কা ওৰফে দিব্যা (১৫), তেওঁৰ ভগ্নী অংশিকা (১২), অভয় (২০), সৌৰভ, তনুষ্কা, মনু বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, নিহত আটাইকেইজন কিশোৰ-কিশোৰী বিধায়িকা নীলিমা কটিয়াৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলৰ আত্মীয় বুলি জানিব পৰা গৈছে।
তেওঁলোকৰ এগৰাকী আত্মীয়ৰ দোকান উদ্বোধনৰ অনুষ্ঠানত অহাৰ সময়তে বিয়লি আটাই কেইজনে গংগাৰ পাৰলৈ ফটো উঠিবলৈ আহিছিল।
একেটা পৰিয়ালৰ ৬ জনকৈ লোকৰ এনে কৰুণ মৃত্যুৱে পৰিয়ালটোক শোকবিহ্বল কৰি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোতো শোকৰ ছাঁ পেলাইছে।