
নিউজ ডেস্কঃ পুখুৰীৰ পাৰত সন্ধিয়া খেলি থাকোতেই হঠাৎ পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটিল দুই ভগ্নীসহ তিনি কণমানিৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ টংক জিলাৰ দেওলী অঞ্চলৰ কল্যাণপুৰ গাঁৱত।
কন্যা শিশু তিনিটি বহু পৰলৈকে ঘৰলৈ উভতি নহাত হাহাকাৰ লাগে পৰিয়ালৰ মাজতে। চৌদিশে বিচাৰ খোচাৰ কৰিও শিশু কেইটিৰ কোনো সন্ধান নোপোৱাত আৰক্ষীক খবৰ দিয়া হয়।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে গাঁওবাসীৰ সহযোগত দ পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে কণমানি কন্যা শিশু কেইটিৰ মৃতদেহ।
নিহত শিশু কেইটি গাঁওখনৰ নিৱাসী নন্দকিশোৰ মীনাৰ কন্যা ৯ বছৰীয়া কিৰণ আৰু ৭ বছৰীয়া ৰিয়াৰ লগতে আনগৰাকী চুবুৰীয়া মুকেশ ঢাকড়ৰ ৭ বছৰীয়া কন্যা তুষ্টি বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া তিনিওটি শিশুৱে পুখুৰীৰ পাৰত খেলি আছিল। হয়তো সেই সময়তে অসাৱধানবশতঃ শিশু কেইটি পুখুৰীত পিচলি পৰে আৰু সলিল সমাধি ঘটে।
কণমানি শিশু কেইটিৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।