শোকাবহ! খেলি থাকোতেই নৈত পিচলি পৰিল দুই কণমানি ভাতৃ, সলিল সমাধি…

নিউজ ডেস্কঃ খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ নৈৰ বুকুত সলিল সমাধি ঘটিল দুই ভাতৃৰ।

নৈৰ পাৰত খেলি থাকোতেই ভৰি পিচলি হঠাৎ পানীত পৰি যায় দুয়োটা শিশু।

যাৰ ফলত নৈৰ সোঁতত উটি গৈ মৃত্যুক আঁকোৱালি লয় চাৰি বছৰীয়া দুই ভাতৃয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কাছাৰগোড়ৰ আদৌৰ পায়াছবিনী নদীত।

নিহত শিশুদুটিক আদৌৰৰ নিৱাসী দুই ভাতৃ মহম্মদ শ্বাফি আৰু হাছেইনাৰৰ পুত্ৰ ক্ৰমে মহম্মদ আছিক আৰু মহম্মদ ফাজিল বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মঙলবাৰে বিয়লি খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল কণমানি দুটিয়ে।

শিশু দুটিয়ে ঘৰৰ কাষৰ নৈৰ পাৰত খেলি থাকোতেই নৈত বাগৰি পৰে।

ইফালে বহু দেৰিলৈকে শিশু দুটি ঘৰলৈ উভতি নহাত বিচাৰ খোচাৰ আৰম্ভ কৰে পৰিয়ালে।

স্থানীয় লোকেও শিশু দুটিৰ সন্ধান চলাই অৱশেষত কিছু দূৰৈৰ এটা দ্বীপৰ দাঁতিত পানীত উপঙি থকা অৱস্থাত দুয়োটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে।

পিছত আৰক্ষীয়ে শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰাক্ষী কৰি পৰিয়ালক গতাই দিয়ে।