শোকাবহ! কেদাৰনাথ ধাম দৰ্শন কৰিবলৈ গৈ বহিঃৰাজ্যতে আকস্মিক মৃত্যু গুৱাহাটীৰ নয়নজ্যোতিৰ

নিউজ ডেস্ক। সতীৰ্থৰ সৈতে কেদাৰনাথ ধামত দৰ্শন কৰিবলৈ বহিঃৰাজ্যত অসমৰ এগৰাকী যুৱকে আকস্মিক মৃত্যুক সাৱটি লোৱাৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰিছে পৰিয়াল।

জানিব পৰা মতে, দুৰ্গা পূজাৰ বন্ধুত্ব বন্ধুৰ সৈতে কেদাৰনাথ ধাম দৰ্শনৰ বাবে গৈছিল মহানগৰীৰ লখিমী নগৰৰ নামঘৰ পথৰ নিবাসী নয়নজ্যোতি শৰ্মা নামৰ ২৯ বছৰীয়া যুৱকজনে।

বৃহস্পতিবাৰে তেওঁলোকে কেদাৰনাথ ধাম দৰ্শন কৰি উভতি আহি আশ্রয়স্থলীত শুই থকা সময়তে শুকুৰবাৰে পুৱা নয়নজ্যোতিক মৃত অৱস্থাত উদ্ধাৰ কৰে সতীৰ্থই।

G8 1
শোকাবহ! কেদাৰনাথ ধাম দৰ্শন কৰিবলৈ গৈ বহিঃৰাজ্যতে আকস্মিক মৃত্যু গুৱাহাটীৰ নয়নজ্যোতিৰ 3

এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ থকা হাঁহিমুখীয়া যুৱকজনৰ মৃত্যু পৰিয়ালে লাভ কৰাৰ পিছতে শোকত ভাগি পৰে।

কেদাৰনাথ ধাম দৰ্শন কৰিবলৈ এনেদৰে বহিঃৰাজ্যতে নয়নজ্যোতিৰ মৃত্যু ঘটাৰ তেওঁৰ বন্ধু-বান্ধৱী সকলৰ মাজতো শোকৰ ছাঁয়া পৰিছে।

লগতে চাওকঃ

ৰাখে হৰি…! ৫ দিন ধৰি নৈৰ মাজত উপঙি থাকিও জীৱন্তে উদ্ধাৰ এটি সদ্যােজাত কন্যা শিশু

G0 2
শোকাবহ! কেদাৰনাথ ধাম দৰ্শন কৰিবলৈ গৈ বহিঃৰাজ্যতে আকস্মিক মৃত্যু গুৱাহাটীৰ নয়নজ্যোতিৰ 4