fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! কাৰখানাৰ কাম শেষ কৰি ঘৰলৈ ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা, দুই ভগ্নীসহ মৃত্যু ৪ মহিলাৰ…

নিউজ ডেস্কঃ এখন যাত্ৰাবাহী বাছ আৰু এখন যাত্ৰাবাহী অটোৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষই প্ৰাণ কাঢ়ি লৈ গ’ল ৪ গৰাকী মহিলাৰ।

এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় তেলেগাংনাৰ যাদদ্ৰী ভৱনাগিৰি জিলাৰ চৌতুপ্পাল মণ্ডলৰ দণ্ডুমলকাপুৰম গাঁৱত।

দুৰ্ঘটনাত বাছ আৰু অটোখনত থকা আন কেইবাগৰাকী যাত্ৰীও গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, যাত্ৰীবাহী চৰকাৰী বাছখনে বিপৰীত দিশৰ পৰা আহি থকা সময়ত অটো ৰিক্সাখনে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ পৰা বাছখনত খুন্দা মাৰে।

দুৰ্ঘটনাত নিহত সকলক নাগালক্ষ্মী (২৮), ৱাৰকান্তম অনসূয়া (৫৫), চিলুভেৰু ধনলক্ষ্মী (৩৫) আৰু দেৱৰাপল্লী শিৰিষ (৩০) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত নাগালক্ষ্মী আৰু চিলুভেৰু ধনলক্ষ্মী দুয়োগৰাকীয়েই হৈছে ভগ্নী।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত আটাই কেইগৰাকী মহিলা এটা ব্যক্তিগত কাৰখানাত কৰ্মৰত আছিল।

তেওঁলোকে কামৰ ছুটিৰ পিছত ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো।

Related Articles

Back to top button