fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! কলেজলৈ যোৱাৰ পথত বাছৰ পৰা পৰি চকাৰ তলত পিষ্ট হ’ল স্নাতকৰ ছাত্ৰী, থিতাতে মৃত্যু…

নিউজ ডেস্কঃ কলেজৰ বুলি বাছেৰে গৈ থকা সময়ত হঠাৎ চালকে ব্ৰেক মৰাৰ ফলত বাগৰি পৰি চকাৰ তলত সোমাই অকাল মৃত্যুক সাৱটিলে এগৰাকী ছাত্ৰীয়ে।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ হিছাৰ জিলাৰ বৰৱালাত।

বাছৰ পিছফালৰ চকাৰ তলত পিষ্ট হৈ মৃত্যু ঘটা ছাত্ৰীগৰাকীক বৰৱালাৰ ১৯নং ৱাৰ্ডৰ নিৱাসী তথা হিছাৰৰ গুৰু জম্ভেশ্বৰ বিশ্ববিদ্যালয়ৰ বিএছচিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী মনীষা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মনীষাই সদায় বাছেৰে কলেজলৈ অহা-যোৱা কৰিছিল।

সোমবাৰেও ছাত্ৰীগৰাকীয়ে পুৱা ৯ বজাত কলেজলৈ বুলি হাৰিয়ানা ৰোডৱেজৰ টোহানা-হিছাৰ পথৰ এখন বাছত উঠিছিল।

কিন্তু বাছৰ ভিতৰত ভিৰ অধিক হোৱাৰ বাবে উপায়ন্তৰ হৈ দুৱাৰ মুখতে ঠিয় হৈ আছিল মনীষা।

বাছখনে যাত্ৰা আৰম্ভ কৰাৰ ক্ষন্তেক পিছতে হঠাৎ চালকে ব্ৰেক মৰাত সন্তুলন হেৰুৱাই বাছৰ পৰা তলত বাগৰি পৰে ছাত্ৰীগৰাকী।

আৰু ঠিক সেই সময়তে বাছৰ পিছফালৰ চকা মনীষাৰ গাৰ ওপৰেৰে উঠি যায়।

দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে ছাত্ৰীগৰাকীক হাস্পতাললৈ নিয়াৰ যো-জা চলায় যদিও তেতিয়ালৈকে মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ।

ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে বাছ চালকজনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগত গোচৰ ৰুজু কৰি আটক কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!