fbpx
অসমীয়াঅসম

শোকাবহ! কইনাঘৰৰ পৰা ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল বৰযাত্ৰীৰ বাহন, যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ কইনা ঘৰৰ পৰা ওভতাৰ পথতে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে বৰযাত্ৰীৰ এখন বাহন।

হোজাইৰ ডবকাত শনিবাৰে পুৱতি নিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় এজন যুৱকে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনত থকা আন ৫ জন লোকো।

ভয়ংকৰ দুৰ্ঘটনাটোত নিহত যুৱকজনক কলিয়াবৰৰ মাধূৰ্য প্ৰতিম বৰদলৈ বুলি চিনাক্ত কৰা হৈছে।

image 84

জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা কাকীত বিয়া সম্পন্ন হোৱাৰ পিছত কইনা ঘৰৰ পৰা উভতি আহিছিল এএছ ০১ইৱাই ৫৬৯৫ নম্বৰৰ বৰাযাত্ৰীৰ বাহনখন।

কিন্তু অহাৰ পথতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডবকাত পথৰ দাঁতিৰ এটা ২৫ ফুট দ খাৱৈত বাগৰি পৰাত থিথাতে প্ৰাণ হেৰুৱায় সৰবৰহী যুৱক মাধূৰ্যৰ।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!