
নিউজ ডেস্কঃ একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষ্যে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত খাদ্য সম্ভাৰ প্ৰস্তুতৰ বাবে অনা ৰান্ধনীক নিশা থবলৈ যাওতেই বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী চৰকাৰী অধিবক্তাই।
এই ভয়ংকৰ ঘটনাই শোকৰ ছাঁ পেলাইছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ প্ৰাগজ্যোতিষপুৰ থানা এলেকাৰ হাজোংবড়ী গাঁৱৰ খামব্ৰেঙা বিলৰ পাৰত।
বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকজনক চৰকাৰী অধিবক্তা তথা শিল্পী দিলীপ কুমাৰ নাথ (৫৮) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, শনিবাৰে দিলীপ কুমাৰ নাথৰ একমাত্ৰ পুত্ৰৰ জন্মদিন আছিল।
সেই উপলক্ষ্যে তেওঁলোকৰ বীৰকুছিৰ ঘৰত আয়োজন কৰা হৈছিল এক জন্মদিনৰ পাৰ্টী।
এই পাৰ্টীত খাদ্য প্ৰস্তুতৰ বাবে চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ কাংমাই নামৰ ৰিজৰ্টখনৰ তিনিগৰাকী ৰান্ধনীক তেওঁ মাতি নিছিল।
নিশা পাৰ্টী শেষ হোৱাৰ পিছত ৰান্ধনী কেইগৰাকী থবলৈ অহাৰ দায়িত্ব লয় দিলীপ কুমাৰ নাথে নিজেই।
গাড়ীৰে তেওঁ ৰান্ধনী কেইগৰাকীৰ সৈতে গৈ নিশা প্ৰায় ১২.৩০ বজাত গৈ থকা সময়তে হঠাৎ খামব্ৰেঙা বিলৰ পাৰত বন্যহস্তীৰ এটা জাকে খেদি আহে তেওঁলোকক।
হাতীৰ জাকটোৰ ভয়ত তেওঁলোকে গাড়ীৰ লাইট নুমুৱাই নামি কিছুদূৰ পিছুৱায় যায় যদিও পিছফালেও ৰৈ আছিল দুটা প্ৰকাণ্ড দতাল হাতী।
যাৰ বাবে ৰান্ধনী কেইজনে গাড়ীৰ পৰা নামি দৌৰি গৈ কাষৰ এটা কালভাৰ্টৰ তলত আশ্ৰয় লয়।

ৰান্ধনী কেইজনৰ পিছে পিছে অধিবক্তাগৰাকীয়েও গাড়ীৰ পৰা নামি আহে যদিও সেই সময়তে এটা দঁতাল হাতীয়ে আক্ৰমণ কৰে তেওঁক।
যাৰ ফলত থিতাতে মৃত্যু ঘটে অধিবক্তা দিলীপ কুমাৰ নাথৰ।
ইফালে এই ঘটনাৰ খবৰ পাই লগে লগে প্ৰাগজ্যোতিষপুৰ আৰক্ষী আৰু বন কৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই জ্বলাই হাতীৰ জাকটোক দূৰলৈ খেদি মৃতদেহটো উদ্ধাৰ কৰে।
পিছত মৃত অধিবক্তাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে প্ৰায়ে আতংকৰ সৃষ্টি কৰি আহিছে চন্দ্ৰপুৰত।
কিন্তু তাৰ পিছতে বন্য হস্তীক খেদি পঠিয়াবলৈ বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে অঞ্চলবাসীয়ে।
বন বিভাগৰ নিষ্ক্ৰিয়তাৰ বাবেই অধিবক্তা দিলীপ কুমাৰ নাথৰ মৃত্যু ঘটা বুলি অভিযোগ তুলিছে পৰিয়াল তথা ৰাইজে।