শোকাবহ! ই-ৰিক্সাত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ডাম্পাৰৰ, যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এজনৰ।

শুকুৰবাৰে পুৱাই পৰ্বতঝোৰাৰ বগৰীবাৰী ১৭নং ৰাষ্ট্ৰীয় সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এজন ই-ৰিক্সা চালকে।

বিপি ২বি ০৪৭৭ নম্বৰৰ বিলাসীপাৰা অভিমুখে গৈ থকা ডাম্পাৰখনে তীব্ৰবেগে আহি বগৰীবাৰী অভিমুখে আহি থকা ই-ৰিক্সাখনত প্ৰচণ্ড জোৰে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় ই-ৰিক্সা চালকজনে।

নিহত যুৱকজন মহামায়াৰ ৰাজপাৰাৰ ২য় খণ্ডৰ নিৱাসী বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো বগৰিবাৰী আৰক্ষী থানালৈ লৈ যায়।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালক দুজনক আটক কৰিছে আৰক্ষীয়ে।