fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! ইনভাৰ্টাৰত বিদ্যুৎ তাঁৰ সংযোগৰ সময়তে ঘটিল অঘটন, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৰ্ষিতৰ…

নিউজ ডেস্কঃ ইনভাৰ্টাৰত বিদ্যুৎ তাঁৰ সংযোগৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লয় এজন ছাত্ৰই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুডাউনত।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটা ছাত্ৰজনৰ পৰিচয় হৰ্ষিত শৰ্মা বুলি জানিব পৰা গৈছে। নিহত হৰ্ষিত বিএছচিৰ ছাত্ৰ আছিল।

দেওবাৰে নিশা প্ৰায় ৩ বজাত সঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, বুডাউনৰ ৫নং মহল্লাৰ নিৱাসী বিনীত কুমাৰৰ পুত্ৰ হৰ্ষিত শৰ্মাই নিশা ঘৰৰ প্ৰথম মহলাত থকা ইনভাৰ্টাৰত বিদ্যুতৰ তাঁৰ সংযোগ কৰি আছিল।

ইনভাৰ্টাৰত তাঁৰ সংযোগৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ অচেতন হৈ মাটিত বাগৰি পৰে ১৯ বৰ্ষীয় ছাত্ৰজন।

ইফালে সেই সময়ত কোঠাৰ ভিতৰত আন কোনো নথকাত পৰিয়ালৰ লোকে বহু পলমকৈ এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰে।

পিছত হৰ্ষিতক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ছাত্ৰজনৰ এই আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!