fbpx
অসমীয়াঅসম

শোকাবহ! আন গঁড়ৰ সৈতে যুঁজত আঘাতপ্ৰাপ্ত হৈ মৃত্যু মানাহৰ ‘ৰামু’ৰ…

নিউজ ডেস্কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে এটা মতা এশিঙীয়া গঁড়ৰ মৃত্যুৱে ব্যথিত কৰি তুলিছে বন বিভাগৰ লগতে স্থানীয় নিৱাসীক।

দেওবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ অন্তৰ্গত নাৰায়ণগুৰি কেম্পৰ সমীপৰ ননকে খাপ্পাবাৰীত উদ্ধাৰ হয় ৰামু নামৰ মতা গঁড়টোৰ মৃতদেহ।

স্থানীয় ৰাইজে গঁড়টোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুতি থোৱাৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ আন গঁড়ৰ সৈতে যুঁজত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৰামু।

তদুপৰি অসুস্থতাৰ বাবে আন গঁড়ৰো আক্ৰমণৰ বলি হোৱা গঁড়টোৱে অৱশেষত যেন মৃত্যুৰ ওচৰত হাৰ মানে দেওবাৰে পুৱতি নিশা।

উল্লেখ্য যে, মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ২০১৪ চনত ৰামুক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মানাহলৈ স্থানান্তৰ কৰা হৈছিল।

তেতিয়াৰে পৰাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত মুক্ত মনে বিচৰণ কৰি অহা গঁড়টোৰ মৃত্যুৱে ব্যথিত কৰিছে বন বিভাগৰ লগতে অঞ্চলবাসীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!