
নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱটিলে এগৰাকী ভাৰতীয় সেনা জোৱানে। শ্বহীদ জোৱানগৰাকীৰ মৃতদেহ শুকুৰবাৰে মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ নুনহাদ গাঁৱত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। শনিবাৰে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদ জোৱানজনৰ।

উল্লেখ্য যে, নুনহাদ গাঁৱৰ বিজয়সিংহ বঘেলৰ পুত্ৰ অৰবিন্দ সিঙে ২০০০ চনত জবলপুৰৰ পৰা সেনা বাহিনীত যোগদান কৰিছিল।

সেনাবাহিনীত তেওঁ ৮ মাৰাঠা ইমলাই ৰেজিমেণ্টত কৰ্তব্য সম্পাদন কৰাৰ পিছত প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁক জেচিঅ’লৈ পদোন্নতি দিয়া হয়।

তেওঁৰ প্ৰথম পোষ্টিং হৈছিল অৰুণাচল প্ৰদেশত। এমাহৰ ছুটী অতিবাহিত কৰি এপ্ৰিল মাহত তেওঁ কৰ্তব্যত যোগদান কৰিছিল। কৰ্তব্যৰত অৱস্থাত বৃহস্পতিবাৰে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

৩ সন্তানৰ পিতৃ ৪১ বৰ্ষীয় সেনা জোৱানগৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰে পৰিয়াল।
ত্ৰিৰংগাত মেৰিয়াই শুকুৰবাৰে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছত ভাৰতীয় সেনা আৰু স্থানীয় ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে শনিবাৰে জন্মভূমিত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় জোৱানজনৰ।