অসমীয়াঅসম

শোকবহ! বিদ্যালয়লৈ গৈ থকা সময়তে চলন্ত বাছৰ পৰা পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰ জয়দ্বীপৰ…

নিউজ ডেস্কঃ পুৱা বিদ্যালয়লৈ যোৱাৰ সময়তে চলন্ত বাছৰ পৰা পৰি মৃত্যুক সাৱটিলে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই।

শনিবাৰে পুৱা এই শোকাবহ ঘটনা সংঘটিত হয় তেজপুৰৰ বিন্দুগুড়িত।

জানিব পৰা মতে পুৱা বিন্দুগুড়ি বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰজনে ৰঙাপাৰাৰ পৰা তেজপুৰ অভিমুখী এএছ ১২ই ০১৯৪ নম্বৰৰ বাছত উঠি বিদ্যালয়লৈ গৈ থকাৰ সময়তে গৰৈমাৰী দুৰুং গেটৰ সমীপত হঠাৎ চলন্ত বাছখনৰ পৰা বাগৰি পৰে ছাত্ৰজন।

মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত ছাত্ৰজনৰ পৰিচয় জয়দ্বীপ চৌৰা বুলি জানিব পৰা গৈছে।

ছাত্ৰজনৰ এনে অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button