শেষ মুহূৰ্তত বিয়াৰ বাবে অস্বীকাৰ! ক্ষুব্ধ যুৱতীয়ে অপহৰণ কৰিলে ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী ভাৱী দৰাক

নিউজ ডেস্কঃ বিয়াৰ বাবে অস্বীকাৰ কৰাৰ বাবেই বন্ধু আৰু ভাতৃৰ সৈতে মিলি যুৱকক অপহৰণ কৰিলে যুৱতীয়ে। এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বিজনোৰত।

বিজনোৰৰ চান্দপুৰত বিয়াৰ বাবে অস্বীকাৰ কৰা এজন যুৱকক অপহৰণ কৰি মন্দিৰলৈ লৈ গৈ জোৰ কৰি বিয়াত বহোৱাৰ চেষ্টা চলায় যুৱতী আৰু তেওঁৰ ভাতৃ-বন্ধুৱে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৩ জনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, চান্দপুৰৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী অংকুৰৰ সৈতে বিয়া ঠিক হৈছিল নাজিবাবাদৰ এগৰাকী যুৱতীৰ সৈতে।

কিন্তু অংকুৰে পিছত বিয়া কৰাবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ পৰা যুৱতীগৰাকীয়ে ভাতৃ আৰু বন্ধুৰ সৈতে মিলি অংকুৰক কাৰ্যালয়লৈ যোৱাৰ পথতে অপহৰণ কৰে।

বৃহস্পতিবাৰে অংকুৰক অপহৰণ কৰাৰ পিছত যুৱতী গৰাকী আৰু তেওঁৰ সহযোগীসকলে অংকুৰক নাজিবাবাদৰ আৰ্য সমাজৰ মন্দিৰলৈ লৈ যায়। তাত হাতৰ পিষ্টল দেখুৱাই বিয়া নাপাতিলে অংকুৰক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে যুৱতী গৰাকী আৰু ভাতৃয়ে।

image 77
শেষ মুহূৰ্তত বিয়াৰ বাবে অস্বীকাৰ! ক্ষুব্ধ যুৱতীয়ে অপহৰণ কৰিলে ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী ভাৱী দৰাক 3

ইফালে অংকুৰৰ অপহৰণৰ পিছতে আৰক্ষীয়ে তেওঁৰ মোবাইল নম্বৰ ট্ৰেছ কৰি আৰ্য সমাজৰ মন্দিৰৰ পৰা সুৰক্ষিতভাৱে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে যুৱকজনৰ অপহৰণৰ অভিযোগত যুৱতীগৰাকী, তেওঁৰ ভাতৃ আৰু এজন বন্ধুক গ্ৰেপ্তাৰ কৰিছে যদিও আন ৪ জন এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে দুটা পিষ্টল আৰু বিয়াত পিন্ধিৱলগীয়া কইনাৰ সাজ এযোৰো জব্দ কৰে।

ইফালে আৰক্ষীৰ সন্মুখত অংকুৰক অপহৰণ কৰাৰ কথা স্বীকাৰ কৰিছে যুৱতীগৰাকীয়ে। তেওঁৰ অভিযোগ অনুসৰি, ২০২১ চনৰ ১৪ মে’ত অংকুৰৰ সৈতে তেওঁৰ বিয়া ঠিক হৈছিল।

বিয়াৰ বাবে ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে অংকুৰক গাড়ী, সোণ আৰু অনান্য দামী দামী সামগ্ৰী যৌতুক হিচাপেও প্ৰদান কৰিছিল।

image 78
শেষ মুহূৰ্তত বিয়াৰ বাবে অস্বীকাৰ! ক্ষুব্ধ যুৱতীয়ে অপহৰণ কৰিলে ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী ভাৱী দৰাক 4

কিন্তু শেষ মুহূৰ্তত অংকুৰে বিয়াৰ বাবে অস্বীকাৰ কৰে। যাৰ বাবে তেওঁক অপহৰণ কৰি নি বিয়াত বহিবলৈ বাধ্য কৰোৱা বুলি স্বীকাৰ কৰে যুৱতীগৰাকীয়ে।

আনহাতে অংকুৰ নামৰ যুৱকজনে দাবী কৰা মতে, তেওঁৰ যুৱতীগৰাকীৰ সৈতে বিয়া ঠিক হৈছিল যদিও পিছত দুয়োৰে মাজত কাজিয়া লাগি বিয়া বাতিল কৰিবলৈ সিদ্ধান্ত লৈছিল।

বিয়া বাতিল হোৱাৰ পিছত অংকুৰে যৌতুক হিচাপে লাভ কৰা সকলো সামগ্ৰী উভতাই দিয়াৰো কথা কৈছিল আৰু যুৱতীগৰাকীৰ পৰিয়ালেও তাত মান্তি হৈছিল। কিন্তু তাৰ পিছতো যুৱতীগৰাকীয়ে তেওঁক অপহৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যেে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে যুৱতীসহ ৩ অভিযুক্তক। অইনহাতে এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো।