fbpx
অসমীয়াঅৰুণাচল প্ৰদেশ

শিহৰণকাৰী! জেচিবিত উঠি নিৰাপদ স্থানলৈ যাত্ৰা বন্যাৰ্তৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ অসমৰ লগতে অৰুণাচলতো এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে। নেৰানেপেৰা বৰষুণৰ পিছত উফন্দি উঠা নৈয়ে বুৰাই পেলাইছে ইখনৰ পিছত সিখন গাঁও। বানৰ কবলত পৰি গৃহাহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল।

অসমত এতিয়াও ২৪ লাখৰো অধিক লোকে বাস কৰিছে আশ্ৰয় শিৱিৰত। এটোপাল পানী, এমুঠি ভাতৰ তাড়নাই হাহাকাৰৰ সৃষ্টি কৰিছে বন্যাৰ্তৰ মাজত। বানত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে শতাধিক জনৰ।

ইফালে অসমৰ উপৰিও উত্তৰ-পূবৰ ৰাজ্য মেঘালয়-অৰুণাচলত প্ৰচণ্ড বান আৰু ভূমিস্খলনে আতংকিত কৰি ৰাখিছে সকলোকে। বাৰিষাৰ বৰষুণৰ পিছত খহি পৰা পাহাৰৰ মাটিয়ে অৱৰোধ কৰিছে ঘাইপথ।

photo1656654537

এনে সময়তে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বানৰ এক শিহৰণকাৰী দৃশ্য পোহৰলৈ আহিছে। নৈৰ কোবাল সোঁতক নেওচি জেচিবিত উঠি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই।

ভিডিঅ’ত দেখা গৈছে তলত এখন উফন্দি উঠা বোৱতী নৈ। নৈৰ ইটোপাৰে ৰৈ এখন জেচিবিয়ে আনটো পাৰত ৰৈ থকা একাংশ লোকক জেচিবিৰে ইটোপাৰৰ নিৰাপদ স্থানলৈ কঢ়িয়াই আনিছে।

এখন জখলাৰে লোকসকলে জেচিবিৰ সন্মুখভাগত লাহে লাহে উঠিছে। তাৰ পিছত ধীৰে ধীৰে লোক কেইজনক অনা হৈছে ইটো পাৰলৈ। এই শিহৰণকাৰী দৃশ্যই বৰ্ণনা কৰে অৰুণাচলত এতিয়া কিমান ভয়াবহ বান পৰিস্থিতি।

উল্লেখ্য যে, অৰুণাচলত যোৱা দুদিনধৰি হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত পানীৰ স্তৰ বৃদ্ধি পাইছে, যাৰ ফলত ২০০ৰো অধিক পৰিয়ালক গৃহহাৰা হৈছে। অত্যাধিক বৰষুণৰ ফলত পাছিঘাট-পাংগিন পথৰ এটা অংশ উটুৱাই নিয়াৰ পিছত পূব চিয়াং জিলা প্ৰশাসনে সুৰক্ষাৰ বাবে চিলে ক’ৰং দলঙৰ মাজেৰে যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!