অসম

শিহৰণকাৰী ঘটনা! বন্ধুৰ হতুৱাই নিজ পত্নীৰ ওপৰত এচিড আক্ৰমণ কৰোৱালে স্বামীয়ে…

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনীত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা।

বন্ধুৰ হতুৱাই নিজ পত্নীৰ ওপৰত এচিড আক্ৰমণ কৰোৱালে স্বামীয়ে।

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনী শীল বজাৰত স্বামীয়ে আন ২ বন্ধুৰ হতুৱাই নিজ পত্নীক এছিডেৰে আক্ৰমণ কৰাত অঞ্চল ব্যাপী তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী মতে শুক্ৰবাৰে সন্ধিয়া ৮ বজাত ৰাক্ষসিনীৰ আব্দুল হান্নান (২৩) নামৰ পাষণ্ড স্বামীয়ে কেক খোৱাৰ প্ৰলোভন দি পত্নী তাছমিনা খাতুনক ঘৰৰ ওচৰতে থকা বজাৰলৈ লৈ যায়।

বজাৰ পোৱাৰ আগতে পত্নীক পথত ঠিক হৈ থাকিবলৈ দি হান্নানে প্ৰেচাৱ কৰাৰ চলনা কৰে।

উক্ত সময়তে ৰাক্ষসিনীৰ জিয়াৰুল হক (২০) আৰু বৰপেটা জিলাৰ আলোপতি চৰৰ ছানোৱাৰ হুছেইনে (আব্দুল্লা) তাছমিনা খাতুনক এছিডেৰে আক্ৰমণ কৰে।

আৰক্ষীয়ে শনিবাৰে সন্ধিয়া তদন্ত ক্ৰমে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এচিদ আক্ৰমণৰ মূল নায়ক স্বামীসহ আন দুই অভিযুক্ত অপৰাধী বন্ধুক।

উক্ত এচিড আক্ৰমণৰ ফলত তাছমিনা খাতুনৰ মুখমণ্ডলত জ্বলি যায়।

এই সন্দৰ্ভত আজি তাছমিনাই মৰনৈ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰে।

পিছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ ( বি)/৪৯০(এ)/৩৪১/৩২৬(এ) ধাৰাৰ লগতে ডি পি এক্টৰ ৪ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰিছে৷

ইতিমধ্যে গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকাম বৰদলৈয়ে অভিযান চলাই অভিযুক্ত স্বামীসহ আন দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

স্বামী আব্দুল হান্নানে পত্নীৰ ওপৰত আখেজ পুৰাবলৈকে দুই বন্ধুৰ হতুৱাই নিজ পত্নীৰ মুখমণ্ডলত এচিদ আক্ৰমণ কৰোৱাই বুলি আৰক্ষীৰ জেৰাত অভিযুক্তসকলে স্বীকাৰ কৰে।

এই শিহৰণকাৰী এচিদ আক্ৰমণৰ ঘটনাই মৰনৈ-ৰাক্ষসিনী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Back to top button