শিশু অভিনেত্ৰীক ধৰ্ষণ আৰু প্ৰাণে মৰাৰ অপচেষ্টা! ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ আৰক্ষীৰ…

নিউজ ডেস্কঃ ইউটিউব ভিডিঅ’ৰ শ্বুটিঙৰ সময়ত এগৰাকী শিশু অভিনেত্ৰীক ধৰ্ষণৰ অপচেষ্টাৰ লগতে গাড়ী খুন্দিয়াই প্ৰাণনাশৰ অপচেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে হৈছে ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক।

গোৱালপাৰা আৰক্ষীয়ে POCSO আইনৰ অধীনত ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰেৰণ কৰা হৈছে জে’ল হাজোতলৈ।

উল্লেখ্য যে, শিশু সুৰক্ষা আইন ভংগ কৰি ইউটিউব চেনেলৰ বাবে একাংশ শিশুক ব্যৱহাৰ কৰাৰ অভিযোগত ২৮ ফেব্ৰুৱাৰীত যোগীঘোপাত আটক কৰা হৈছিল মুস্তাফিজুৰ ৰহমানক।

জিলা শিশু সুৰক্ষা বিষয়াই যোগীঘোপা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত জামিন লাভ কৰিবলৈ সক্ষম হয় মুস্তাফিজুৰ ৰহমানে।

কিন্তু সেই সময়তে ইউটিউবাৰ জনৰ ভিডিঅ’ত পূৰ্বে অভিনয় কৰা এগৰাকী শিশু অভিনেত্ৰীৰ অভিভাৱকে শিশুটিক কেইবাৰো ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে মুস্তাফিজুৰৰ বিৰুদ্ধে।

শিশুটিৰ অভিভাৱকে গোৱালপাৰা আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে গোৱালপাৰা আৰক্ষীয়ে যোগীঘোপা থানাৰ পৰাই নিজৰ জিম্মাত লৈ আটক কৰি সদৰ থানালৈ লৈ আনে।

তাত ইউটিউবাৰজনক সোধা-পোছা চলোৱাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে জে’ললৈ প্ৰেৰণ কৰে মুস্তাফিজুৰ ৰহমানক।