শিল কঢ়িওৱা ডাম্পাৰৰ খুন্দাত বিধ্বস্ত অ’টো-ৰিক্সা, নিহত ৩

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী অ’টােৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষ শিল কঢ়িওৱা ডাম্পাৰৰ।

এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু অটােৰিক্সা চালক, দুজন আৰােহীৰ।

এই দুৰ্ঘটনাৰ স্থান কাছাৰ জিলা শিলচৰ-সৌৰাষ্ট্ৰ মহাচড়কৰ মইনাৰবান্দ।

G5

সােমবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাৰ পিছত ক্ষুব্ধ ৰাইজে শিলচৰ-হাফলং মহাচড়ক অৱৰোধ কৰে।

ইপিনে ঘটনাৰ খবৰ পোৱাৰ পাছতে বৰখলা আৰক্ষী থানাৰ অ’চি মনমোহন ৰাউতে আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰে।

ইফালে, দীৰ্ঘ সময় পথ অৱৰোধৰ খবৰ লাভ কৰি কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে এক বৃহৎ আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়।

তেওঁ অৱৰোধকাৰীসলকৰ সৈতে আলোচনা কৰি পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰায়।

উল্লেখ্য যে, মইনাৰবন্দ অঞ্চলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও জিলা প্ৰশাসনে শিলৰ ট্ৰিপাৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হোৱা নাই।

লগতে চাওকঃ

চুইফ্ট ডিজায়াৰ সৈতে সংঘৰ্ষৰ পাছত মৃত্যু স্কুটী আৰােহী স্বাস্থ্যকৰ্মীৰ, আহত পুত্ৰ

Leave a Comment