শিল্পী দ্বীপেন বৰুৱা পত্নী চৈয়দা জ্যোৎস্না ৰহমানৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমান আৰু নাই। শুকুৰবাৰে নিশা প্ৰায় ৮ মান বজাত লতাশিলৰ নিজ বাসভৱনত মৃত্যু হয় বৰেণ্য শিল্পীগৰাকীৰ পত্নীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ থকা চৈয়দা জ্যোৎস্না ৰহমানে সন্ধিয়া বাথৰুমলৈ যাওঁতে তাত পিছলি পৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিবলৈ যো-জা চলোৱা হয় যদিও ঘৰুৱা চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধই ভিৰ কৰে দ্বীপেন বৰুৱাৰ ঘৰত। সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল দ্বীপেন বৰুৱাৰ প্ৰেম কাহিনী। ১৯৭৬ চনত ‘তৰামাই’ ছবিৰ শবুটিঙৰ সময়ত তেওঁ লগ পাইছিল চৈয়দা জ্যোৎস্না ৰহমানক। তৰ পিছতে আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী।

পৰিয়ালৰ পৰা অহা বাধাৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ ৰূপ পোৱা নাছিল।

অপেক্ষা কৰিব লগা হৈছিল সুদীৰ্ঘ ৩৩ টাকৈ বছৰ। ২০০৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল।

তেতিয়া প্ৰেমিকাৰ বয়স হৈছিল ৪৯ বছৰ আৰু দ্বীপেন বৰুৱাৰ বয়স আছিল ৬৪ বছৰ।

১১ বছৰীয়া সাংসাৰিক জীৱনৰ অন্তত পত্নীয়ে অকলশৰীয়া কৰি এৰি থৈ গ’ল দ্বীপেন বৰুৱাক।

Leave a Comment