শিল্পী অপূৰ্ব বেজবৰুৱা আৰু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰৰ চিকিৎসাৰ দায়িত্ব ল’ব ৰাজ্য চৰকাৰে…

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা আৰু শিল্পী অপূৰ্ব বেবৰুৱাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল’ব অসম চৰকাৰে।

এই কথা সদৰি কৰিছে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই।

দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছে বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱা।

ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে শিল্পী গৰাকী। এতিয়ালৈকে অচেতন হৈ আছে অপূৰ্ব বেজবৰুৱা।

জানিব পৰা মতে, ভেন্টিলেটৰত ৰখা হৈছে শিল্পী গৰাকীক।

ইফালে জিএমচিএিচত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ট শৰ্মাৰো সমগ্ৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে।

বৰ্তমান জিএমচিএইচত চিকিৎসাধীন বুঢ়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।

Leave a Comment