fbpx
অসমীয়াঅসম

শিলচৰৰ পৰা গুৱাহাটীলৈ বিশেষ বিমান সেৱা প্ৰৱৰ্তন

নিউজ ডেস্কঃ ভয়াবহ বান পৰিস্থিতিৰ বাবে বিচ্চিন্ন হৈ পৰা শিলচৰৰ পৰা গুৱাহাটীলৈ যাতায়তৰ বাবে বিশেষ বিমান সেৱা প্ৰৱৰ্তন কৰা হৈছে।

উল্লেখ্য যে, ভয়ংকৰ বান আৰু ভূমিস্খলনৰ ফলত শিলচৰ প্ৰায় স্তব্ধ হৈ পৰিছে। ঘাইপথসমূহ বানৰ সোঁতত উটি যোৱাৰ বিপৰূতে ৰে’ল ষ্টেছনত ৰখাই থোৱা অৱস্থাতে পোত হৈছে ৰে’লসমূহ। এনে পৰিস্থিতিত অসমৰ বহিঃক্ষেত্ৰৰ সৈতে একপ্ৰকাৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকাৰ।

এনে পৰিপ্ৰেক্ষিতত বৰাকত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে বিশেষ বিমানসেৱা প্ৰৱৰ্তন কৰা হৈছে। শিলচৰ আৰু গুৱাহাটীৰ মাজত প্ৰৱৰ্তন কৰা এই বিশেষ বিমান সেৱাৰ টিকটৰ মূল্য হৈছে ৩ হাজাৰ টকা।

জানিব পৰা মতে, প্ৰতিদিনে গুৱাহাটীৰ পৰা শিলচৰলৈ বিয়লি ৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৬.২০ বজাত এই বিশেষ বিমান চলাচল কৰিব।

যাত্ৰীসকলে 81359-02973 আৰু 86380-23921 নম্বৰত কল কৰি অথবা ইউপিআই বা গুগল পে’ৰ জৰিয়তে 81359-02973 নম্বৰত ধন পৰিশোধ কৰি বিমানৰ টিকট সংগ্ৰহ কৰিব পাৰিব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!