শিলচৰত নিৰ্মাণ হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা, মুক্তভাৱে থাকিব জীৱ-জন্ত…

শিলচৰত নিৰ্মাণ হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা, য’ত মুক্তভাৱে থাকিব জীৱ-জন্ত।
ডিমা হাচাওত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।
শিলচৰত নিৰ্মাণ হ’বলগীয়া চিৰিয়াখানাখন গুৱাহাটীৰ চিৰিয়াখানাতকৈ কিছু পৃথক হ’ব।
শিলচৰত নিৰ্মাণ হ’বলগীয়া চিৰিয়াখানাখনত গুৱাহাটীৰ চিৰিয়াখানাৰ দৰে জীৱ-জন্তু সমূহ বন্ধ কোঠাত নাথাকে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘শিলচৰত নিৰ্মাণহ’বলগীয়া চিৰিয়াখানাখনত জীৱ-জন্তু সমূহ বন্ধ কোঠাৰ পৰিৱৰ্তে থাকিব মুক্তভাৱে। জীৱ-জন্ত সমূহক খাদ্য দিবলৈ যোৱা লোকসকলে অথবা চাবলৈ যোৱা লোকসকলেহে যাব লাগিব বন্ধ বাহনৰ ভিতৰত।
শিলচৰত চিৰিয়াখানা নিৰ্মাণৰ লগতে ডিমা হাচাওৰ বাবেও ৰাজ্যিক কেবিনেটত ভালেসংখ্যক আঁচনি গ্ৰহণ কৰা হয়।
মূলত ডিমা হাচাওৰ খোৱা পানী, পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বহু কোটি টকাৰ অনুমোদন জনোৱা হয় ৰাজ্যিক কেবিনেটত।