শিখ সম্প্ৰদায়ক লৈ ৰগৰ! ক্ষমা খুজিলে কিৰণ বেদীয়ে

নিউজ ডেস্ক। চেন্নাইত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সময়ত শিখ সম্প্ৰদায়ক লৈ আপত্তিজনক মন্তব্য কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল পুডুচেৰীৰ প্ৰাক্তন ৰাজ্যপাল কিৰণ বেদী।

ইয়াৰ পিছতে বুধবাৰে তেওঁ নিজৰ মন্তব্যৰ বাবে ক্ষমা খোজে আৰু তেওঁ কৰা মন্তব্যৰ ভুল ব্যাখ্যা আগবঢ়াব নালাগে বুলি আহ্বান জনায়।

G2 7
শিখ সম্প্ৰদায়ক লৈ ৰগৰ! ক্ষমা খুজিলে কিৰণ বেদীয়ে 2

উল্লেখযোগ্য যে, কিৰণ বেদীৰ গ্ৰন্থ – ‘ফিয়াৰলেছ গভৰ্নেন্স’ উন্মোচনৰ সময়তে তেওঁ শিখ সম্প্ৰদায়ক লৈ এক কৌতুক কৰিছিল।

ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে শিখ সম্প্ৰদায়ৰ লগতে পঞ্জাৱৰ শাসকীয় দল আম আদমী পাৰ্টীয়ে ক্ষোভ ব্যক্ত কৰে।

যাৰ পৰিপ্ৰেক্ষিতত প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে ক্ষমা বিচাৰি কয়, “মোৰ সমাজৰ প্ৰতি মোৰ সৰ্বোচ্চ শ্ৰদ্ধা আছে। মই বাবা নানক দেৱৰ ভক্ত। মই যি মন্তব্য কৰিছিলো তাৰ অৰ্থ ভুল ধৰণে প্ৰচাৰ হল। ইয়াৰ বাবে মই ক্ষমা বিচাৰো। মই সেৱা আৰু প্ৰেমৰ ওপৰত বিশ্বাস কৰোঁ।”