শিক্ষামূলক ভ্ৰমণলৈ যােৱা বাছৰ খুন্দাত স্কুটী আৰোহীৰ মৃত্যু

নিউজ ডেস্ক। ধেমাজী জিলাৰ ডিমৌৰ দীপাত মংগলবাৰে নিশা বাছ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন স্কুটী আৰোহী।

দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিজন চিমেন চাপৰিৰ সন্দিকৈ মিলনবালি গাঁৱৰ ৩৫ বছৰীয়া ইতুল ফুকন বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে লাইমেকুৰী গাৰ্লছ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক শিৱসাগৰলৈ শিক্ষা ভ্ৰমণৰ বাবে এআৰ০১ এম০৫২৭ নম্বৰৰ অল্ট্ৰা বাছখনে বিদ্যালয়লৈ উভতি অহাৰ পথতে ডিমৌৰ দীপাৰ চিমেন দলঙৰ ৫১৫ নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এখন স্কুটীৰ সৈতে বাহনখনৰ মুখামুখি সংঘৰ্ষৰ ফলত স্কুটী আৰোহীজনৰ মৃত্যু হয়।

নিহত ইতুল ফুকন দিন হাজিৰা কৰা লােক আছিল।

সমীপৰে এটা পৰিয়ালত বিয়াত অংশগ্ৰহণ কৰিবলৈ গৈছিল লােকজন। কিন্তু দুৰ্ভাগ্যবশতঃ শােকাৱহ দুৰ্ঘটনাত মৃত্যুক আঁকােৱলি ল’লে দুই কন্যা সন্তানৰ পিতৃ ইতুলে।

লগতে চাওকঃ

বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

Leave a Comment