শিক্ষামন্ত্ৰীৰ ঘোষণা- ১০ মে’ৰ ভিতৰত নিযুক্তি দিয়া হব ২০ হাজাৰ শিক্ষকক…

অহা ১০ মে’ৰ ভিতৰত ৰাজ্যত নিযুক্তি দিয়া হব ২০হাজাৰ শিক্ষকক।

বৃহস্পতিবাৰে এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

ৰাজ্য চৰকাৰৰ মিছন এক লাখ চৰকাৰী চাকৰিৰ অধীনত ২০হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

তেওঁ লগতে কয় যে সকলো পদত নিযুক্তিৰ বিজ্ঞাপন জাৰী কৰা হৈছে আৰু মেধা তালিকা প্ৰকাশ হোৱাৰ লগে লগে নিযুক্তি আৰম্ভ হ’ব। নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু স্নাতকোত্তৰ শিক্ষকৰ বিভিন্ন স্তৰত পদ খালী আছে বুলি জানিবলৈ দিয়ে ৰনোজ পেগুৱে।

শিক্ষমন্ত্ৰী গৰাকীয়ে কয়, ‘চৰকাৰৰ মিছন এক লাখ চাকৰিৰ প্ৰতি আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি শিক্ষকৰ খালী হৈ থকা সকলো বোৰ পদৰ বাবে বিজ্ঞাপন জাৰী কৰিছো। এতিয়া নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিকৰ শিক্ষকসকলৰ বাবে দস্তাবেজ প্ৰমাণীকৰণ চলি আছে। এয়া সম্পূৰ্ণ হোৱাৰ পিছত, মেধা তালিকা প্ৰকাশ পাব আৰু চৰকাৰে নিযুক্তি দিয়া আৰম্ভ কৰিব। ১০ মে’ৰ ভিতৰত এই নিযুক্তি সম্পূৰ্ণ কৰা হ’ব।’

আনহাতে পেগুৱে ২০২০ চনত কেন্দ্ৰই নিৰ্ধাৰণ কৰা নতুন শিক্ষা নীতিৰ বিষয়ে কয় যে চৰকাৰে ইয়াৰ কাৰ্যকৰীকৰণ আৰম্ভ কৰিছে।

তেওঁ কয়, ‘আমি ইতিমধ্যে ৰাজ্যখনত নতুন শিক্ষা নীতি ৰূপায়ণ আৰম্ভ কৰিছো। নতুন শিক্ষা নীতি হৈছে এক নতুন শিক্ষা ব্যৱস্থাৰ এক বিস্তৃত পৰিকাঠামো। যাৰ অধীনত আমি ইতিমধ্যে জাননী দিছো যে আমাৰ বিদ্যালয় শিক্ষা সঞ্চালকালয় প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ দুটা বিদ্যালয় শিক্ষাৰ হ’ব। ২০২২-২৩ বৰ্ষৰ পৰা আমি মহাবিদ্যালয়সমূহৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীক বিভাজন কৰা আৰম্ভ কৰিম আৰু মহাবিদ্যালয়সমূহ কেৱল ডিগ্ৰী আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে হ’ব।’

তেওঁ লগতে কয় যে প্ৰাক-প্ৰাথমিক শিক্ষাৰ বাবে চৰকাৰে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ লগতে স্বাস্থ্য আৰু পুষ্টিৰ চোৱাচিতা কৰিবলৈ সমাজ কল্যাণ, শিক্ষা, স্বাস্থ্য, জনজাতীয় পৰিক্ৰমা বিভাগৰ এখন সমিতি গঠন কৰিছে।

শিক্ষামন্ত্ৰী গৰক্ষীয়ে কয়, ‘আমি উচ্চতৰ মাধ্যমিক পৰ্যায়তো আমাৰ নতুন শিক্ষা নীতি আৰম্ভ কৰিছো। নতুন শিক্ষানীতিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বিভিন্ন পৰ্যায়ত কাৰ্যকৰী হ’বলৈ দীঘলীয়া সময় লাগিব।’

Leave a Comment