
নিউজ ডেস্কঃ যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ বলাৎকাৰ আৰু হত্যাৰ উপযুক্ত তথ্য-প্ৰমাণ দাখিলত ব্যৰ্থ আৰক্ষী।
যাৰ বাবে অৰ্ণমাই বৰা হত্যাকাণ্ডৰ অপৰাধীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
অপৰাধী মইনুল হকৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰি ৩ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।
আনহাতে আনজন অভিযুক্ত চেলিম উদ্দিনক আজীৱন কাৰাবাস উচ্চ ন্যায়ালয়ৰ।
উল্লেখ্য যে, ২০১৭ চনৰ ৩১ মে’ত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।
দুই পাষণ্ডই যমুনামুখ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা কৰি পেলাই দিছিল কপিলী নৈত।
সন্ধিয়া বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথতে দুই পাষণ্ড মইনুল হক আৰু চেলিম উদ্দিনে সংঘটিত কৰিছিল এই নিৰ্মম ঘটনা।