
নিউজ ডেস্কঃ ২০১৭ চনত সংঘটিত অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক চূড়ান্ত শাস্তি প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অপৰাধী মইনুল হকৰ ফাঁচীৰ শাস্তি বাতিল কৰি ৭ বছৰৰ কাৰাদণ্ড উচ্চ ন্যায়ালয়ৰ।
আনহাতে আনজন অপৰাধী চেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছে উচ্চ ন্যায়ালয়ে।
বৃহস্পতিবাৰে এই চূড়ান্ত ৰায় প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে, ২০১৭ চনৰ ৩১ মে’ত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।
দুই পাষণ্ডই যমুনামুখ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা কৰি পেলাই দিছিল কপিলী নৈত।
সন্ধিয়া বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথতে দুই পাষণ্ড মইনুল হক আৰু চেলিম উদ্দিনে সংঘটিত কৰিছিল এই নিৰ্মম ঘটনা।