শিক্ষক নিযুক্তি কেলেংকাৰী! ২৭ ঘণ্টীয়া জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক

নিউজ ডেস্কঃ পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ইডিয়ে চলোৱা অভিযানত মডেল তথা অভিনেত্ৰী অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ উদ্যোগমন্ত্ৰী পাৰ্থ চেটাৰ্জীক।

উল্লেখ্য যে, এছএছচি কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে গোটেই দিনটো কলকাতাৰ বিভিন্ন স্থানত অভিযান চলাইছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে।

photo1658553166
শিক্ষক নিযুক্তি কেলেংকাৰী! ২৭ ঘণ্টীয়া জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক 4

ইডিয়ে পাৰ্থ চেটাৰ্জীৰ নকতলাস্থিত বাসগৃহত পুৱা ৮.৩০ বজাৰ পৰা তালাচী অভিযান আৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই প্ৰায় ২৭ ঘণ্টা ধৰি চলোৱা জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ দুৰ্নীতিৰ অভি়যোগত গ্ৰেপ্তাৰ কৰা হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীক।

ইডিৰ জেৰাৰ সময়ত হঠাৎ অসুস্থও হৈ পৰে মন্ত্ৰীগৰাকী। যাৰ বাবে ঘৰতেই চিকিৎসক মাতি তেওঁৰ চিকিৎসাও কৰিবলগা হয়।

photo1658553212
শিক্ষক নিযুক্তি কেলেংকাৰী! ২৭ ঘণ্টীয়া জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক 5

সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰৰ পিছত প্ৰথমে মন্ত্ৰীগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰা হ’ব। তাৰ পিছত তেওঁক চি জি অ’ কমপ্লেক্সলৈ লৈ যোৱা হ’ব। য’ত মন্ত্ৰীগৰাকীক পুনৰ জেৰা কৰিব ইডিয়ে। শনিবাৰে মন্ত্ৰীগৰাকীক আদালতলৈ লৈ যোৱা হ’ব। ইফালে ইডিয়ে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতাকো আটক কৰিছে।

উল্লেখ্য যে, কলিকতা উচ্চ ন্যায়ালয়ৰ এছএছচি নিযুক্তি দুৰ্নীতিত হস্তক্ষেপৰ পিছত চিবিআইয়ে তদন্ত আৰম্ভ কৰিছিল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তদন্ত আৰম্ভ হোৱাৰ পৰাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ নজৰ আছিল প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ওপৰত। যাৰ বাবে তেওঁক চিবিআইয়ে জেৰাও চলাইছিল।

photo1658553161
শিক্ষক নিযুক্তি কেলেংকাৰী! ২৭ ঘণ্টীয়া জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক 6

ইডিয়ে শুকুৰবাৰে পুৱাৰে পৰা পাৰ্থ চেটাৰ্জীৰ ঘৰত তালাচী অভিযান চলায়। তাৰ পিছতে নিশালৈকে তেওঁক জেৰা চলোৱা হয়। শনিবাৰে পুৱাৰে পৰা পাৰ্থ চেটাৰ্জীৰ বাসগৃহৰ সন্মুখত বৃদ্ধি কৰা হৈছিল নিৰাপত্তা৷ আৰু ২৭ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত অৱশেষত তেওঁক তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে, অভিযাত বাসগৃহৰ পৰা ২০ কোটি টকা উদ্ধাৰ হোৱাৰ পিছতে ইডিয়ে আটক কৰে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ হিচাপে পৰিচিত অৰ্পিতা মুখাৰ্জীক। বৰ্তমান অৰ্পিতাক জেৰা চলাই থকা হৈছে। ইডিৰ সূত্ৰ অনুসৰি, মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জীৰ কথাৰ মাজত যথেষ্ট অসামঞ্জস্যতা ধৰা পৰিছে।

আনহাতে পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত। পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। অইন ৰাজ্যৰ চৰকাৰ ভাঙি পেলোৱাৰ দৰে পশ্চিম বংগতো ইডি, চিবিআই আদি তদন্তকাৰী সংস্থাৰ ক্ষমতা প্ৰয়োগ কৰি চৰকাৰ ভংগ কৰাৰ অভিসন্ধি ৰচিছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে তৃণমূল কংগ্ৰেছে।