শিক্ষক দিৱসৰ দিনাই অপ্ৰত্যাশিত ঘটনা! এগৰাকী শিক্ষকে ল’লে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত…

শিক্ষক দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হ’ল এক অপ্ৰত্যাশিত ঘটনা।

এগৰাকী শিক্ষকে ল’লে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত।

গোগামুখৰ বৰদলনিত ৰাজেন বণিয়া নামৰ শিক্ষক গৰাকীয়ে লোৱা আত্মহত্যাৰ সিদ্ধান্তই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

G5
শিক্ষক দিৱসৰ দিনাই অপ্ৰত্যাশিত ঘটনা! এগৰাকী শিক্ষকে ল’লে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত... 3

ৰাজেন বণিয়া নামৰ এই শিক্ষক জনে দীৰ্ঘদিন বিনা বেতনেৰে শিক্ষকতা কৰি আহিছিল।

৫০৩ নং আউনীআটি কৈৱৰ্ত নিম্ন বিনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল ৰাজেন বণিয়া।

ৰাজেন বণিয়াই শিক্ষকতা কৰা বিদ্যালয় খন স্বাধীনতাৰ পূৰ্বেই স্থাপন কৰা হৈছিল যদিও আজি পৰ্যন্ত প্ৰাদেশীকৃত নহ’ল।

image 31
শিক্ষক দিৱসৰ দিনাই অপ্ৰত্যাশিত ঘটনা! এগৰাকী শিক্ষকে ল’লে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত... 4

দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজেন বণিয়াই অৱশেষত ল’বলৈ বাধ্য হয় এই সিদ্ধান্ত।

বিদ্যালয় খনৰ প্ৰাদেশীকীকৰণ নোহোৱাৰ বাবেই শিক্ষক জনে এনে চৰম সিধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

শিক্ষকজনৰ এই শোকাৱহ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলোকে।

যি সময়ত অসম চৰকাৰে শিক্ষা বিভাগৰ উন্নতিৰ ঢাক-ঢোল বজাই আছে তেনে সময়তে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই আত্মহত্যা কৰা ঘটনা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।