শিক্ষকৰ নামত কলংক! ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰি গ্ৰেপ্তাৰ হ’ল প্ৰধান শিক্ষক আবু বক্কৰ চিদ্দিক…

পুনৰ শিক্ষক সমাজক লজ্জানত কৰিলে এগৰাকী প্ৰধান শিক্ষকে।

ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰি গ্ৰেপ্তাৰ হ’ল হোজাই জিলাৰ এগৰাকী প্ৰধান শিক্ষকে।

হোজাই জিলাৰ উদালী এম.ভি স্কুলৰ প্ৰধান শিক্ষক আবু বক্কৰ চিদ্দিক ওৰফে মাছুক আহমেদক গ্ৰেপ্তাৰ।

অভিযোগ অনুসৰি ধনৰ বিনিময়ত এজন যুৱকক ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকজনে।

পাছপৰ্টৰ আবেদনৰ বাবে এজন যুৱকক তিনি হাজাৰ টকাৰ বিনিময়ত অষ্টম শ্ৰেণী উত্তীৰ্ণৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল প্ৰধান শিক্ষকজনে।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে লংকা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষক আবু বক্কৰ চিদ্দিকক।

প্ৰধান শিক্ষকজনৰ লগতে তেওঁৰ সহযোগী ছিবিৰ আহমেদ নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে লংকা আৰক্ষীয়ে।

ইতিমধ্যে আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে দুৰ্নীতিগ্ৰস্ত শিক্ষকজনক।