নিউজ ডেস্কঃ নিশাৰ ৰাজপথত বিলাসী বাহন চালকৰ দৌৰাত্ম্যই প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে।
কেতিয়াবা যদি যুৱতীক মহতিয়াই নিছে, আন কেতিয়াবা আকৌ টোল কৰ্মচাৰীক খুন্দিয়াই থৈ উধাও হৈছে বিলাসী বাহন চালক।
এইবাৰ তেনে এক ঘটনাই শিঁহৰিত কৰি তুলিছে সকলোকে।
এখন তীব্ৰবেগী এছইউভিয়ে বাইক আৰোহীক প্ৰথমে খুন্দা মাৰে, তাৰ পিছত উফৰি গাড়ীৰ ওপৰত পৰা বাইক আৰোহীৰ মৃতদেহ ৩ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই লৈ যায় বাহন চালকে।
যোৱা ৩০ এপ্ৰিলৰ নিশা দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গ আৰু টলষ্টয় মাৰ্গৰ সংযোগস্থলত সংঘটিত হয় এই লোমহৰ্ষক কাণ্ড।
জানিব পৰা মতে, নিশা দিপাংশু বাৰ্মা (৩০) নামৰ যুৱকজনে বাইকেৰে খুলশালী মুকুল (২০)ৰ সৈতে আহি থকা সময়তে এখন তীব্ৰবেগী এছএইভিয়ে তেওঁলোকক খুন্দা মাৰে।
এই ভয়ংকৰ সংঘৰ্ষত মুকুল চিটিকি পথৰ দাঁতিত পৰে যদিও দিপাংশু উফৰি এছইউভিখনৰ ওপৰত বাগৰি পৰে আৰু থিতাতে মৃত্যু ঘটে।
কিন্তু এছইউভি চালকজনে গাড়ী ৰখোৱাৰ পৰিৱৰ্তে গাড়ীৰ চাঁদত মৃতদেহটো লৈয়ে দ্ৰুতবেগেৰে সেই ঠাইৰ পৰা পলায়ন কৰে।
ৰাজপথৰ অন্য লোকে হৰ্ণ বজাই বাহনচালক ৰখাবলৈ চেষ্টা কৰে যদিও মৃতদেহ প্ৰায় ৩ কিলোমিটাৰ কঢ়িয়াই নিয়াৰ পিছত অভিযুক্তই ইণ্ডিয়া গেটৰ সমীপত মৃতদেহটো পেলাই পলায়ন কৰে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অভিযুক্ত বাহন চালক হৰনীত সংঘ চাওলা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, এই দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত হৰনীতৰ সৈতে তেওঁৰ পৰিয়াল এছইউভি খনত যাত্ৰা কৰি আছিল।