শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি প্ৰতিযোগিতামূলক পৰীক্ষাত শীৰ্ষ স্থান লাভ এগৰাকী ছাত্ৰৰ, ৰচিছে চিকিৎসক হোৱাৰ সপোন

নিউজ ডেস্কঃ দৃঢ় মনোৱল আৰু গভীৰ আত্মবিশ্বাস থাকিলে যে কোনো বাধাই লক্ষ্য পথৰ হেঙাৰ হ’ব নোৱাৰে, সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰি দিলে এগৰাকী বিশেষভাৱে সক্ষম ১৪ বছৰীয়া ছাত্ৰই।

৫ বছৰ বয়সৰ পৰাই হুইল চেয়াৰতে বহি জীৱনৰ এটা নতুন সুযোগ প্ৰদান কৰিব বিচৰা এছ গোকুলাকৃষ্ণন নামৰ ছাত্ৰজনে ৰাষ্ট্ৰীয় মিন-কাম-মেৰিট স্ক’ৰ (এনএমএমএছ) পৰীক্ষাৰ মেধাৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৫ বছৰ বয়সতে পলিঅ’ মাইলাইটিছৰ দ্বাৰা আক্ৰান্ত হৈ শৰীৰৰ কেইবাটাও অংগৰ শক্তি হেৰুৱাই পেলাইছিল গোকুলাকৃষ্ণনে। কিন্তু তাৰ পিছতো জীৱনৰ প্ৰত্যাহ্বান হেলাৰঙে গ্ৰহণ কৰি আজি উজ্বলি উঠিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰজন।

নান্নাডু চৰকাৰী উচ্চ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ১৪ বছৰীয়া গোকুলাকৃষ্ণনে ভিল্লুপুৰমত এনএমএমএছ পৰীক্ষাত মেধাৰ তালিকাত প্ৰথম স্থানত লাভ কৰি চৰকাৰী বৃত্তি পাবলৈ সক্ষম হয়। এই পৰীক্ষাত ভিল্লুপুৰমৰ প্ৰায় ৫২ জন শিক্ষাৰ্থীও সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

krinsnan
শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি প্ৰতিযোগিতামূলক পৰীক্ষাত শীৰ্ষ স্থান লাভ এগৰাকী ছাত্ৰৰ, ৰচিছে চিকিৎসক হোৱাৰ সপোন 2

গোকুলাকৃষ্ণনৰ এই সফলতাত আনন্দ ব্যক্ত কৰি তেওঁৰতেওঁৰ মাতৃ এছ অমুধাই কয়, “মোৰ দুয়োটা পুত্ৰ সন্তানেই পলিঅ’ৰ দ্বাৰা আক্ৰান্ত। গোকুলাকৃষ্ণন মোৰ কনিষ্ঠ পুত্ৰ। শাৰিৰীকভাৱে দুৰ্বল হ’লেও তাৰ মনৰ শক্তি অতি প্ৰচুৰ। সি কেতিয়াও বিদ্যালয়লৈ নোযোৱাকৈ নাথাকে।’’

মাতৃয়ে লগতে জানিবলৈ দিয়া মতে, গোকুলাকৃষ্ণনে ষষ্ঠ শ্ৰেণীৰ পৰা এনএমএমএছৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু এই বছৰ তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত সফলতা লাভ কৰে।

নিজৰ সফলতা সন্দৰ্ভত গোকুলাকৃষ্ণনে কয়, “মই কেতিয়াও মোৰ শৰীৰৰ বিষয়ে বেয়া বা দুখ অনুভৱ নকৰোঁ। মই মোৰ আন বন্ধুসকলৰ দৰে সুখী। মই এজন চিকিৎসক হ’ব বিচাৰো আৰু এনইইটিৰ বাবেও প্ৰস্তুতি চলাই আছো। অধ্যয়ন কৰাটোৱেই মোৰ একমাত্ৰ আনন্দ আৰু সেয়েহে মই মোৰ সৰ্বশ্ৰেষ্ঠ দিবলৈ সদায় যত্ন কৰো।”

লগতে তেওঁৰ অংকৰ শিক্ষক কে ৰামকুমাৰে জনায় যে, পঢ়াৰ উপৰিও গোকুলাকৃষ্ণনে বিদ্যালয়ত সকলো প্ৰবন্ধ আৰু তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, এনএমএমএছ হৈছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ দ্বাৰা এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি। আঁচনিখনৰ উদ্দেশ্য হৈছে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলক বিদ্যালয় এৰি যোৱা প্ৰতিহত কৰিবলৈ বৃত্তি প্ৰদান কৰা।

এই আঁচনিৰ অধীনত প্ৰতি বছৰে চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু স্থানীয় সংস্থাৰ বিদ্যালয়ত নিৰ্বাচিত শিক্ষাৰ্থীসকলক প্ৰতি বছৰে ১২ হাজাৰ টকাৰ বৃত্তি প্ৰদান কৰা হয়।