
নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
সমনীয়াৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন মেধাবী ছাত্ৰৰ।
এই ঘটনাৰ স্থান মাজুলী।
জানিব পৰা মতে, সােমবাৰে মাজুলীৰ আউনীআটী অঞ্চলৰ জুগুনীধাৰী গাঁৱৰ বাসিন্দা নৱনীত বৰাই আলহী হিচাপে অহা আন দুজন বন্ধুৰ সৈতে নদীৰ কাষৰীয়া ঠাইত প্রাকৃতিক দৃশ্য উপভোগ কৰি নৈত গা ধুবলৈ গৈ পিছলি পৰি সলিল সমাধি ঘটে।
মৃত ছাত্ৰজন আউনীআটী অঞ্চলৰ জুগুনীধাৰী গাঁৱত নিবাসী অবসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট শিল্পী গুণীন বৰাৰ একমাত্ৰ পুত্ৰ।
ঘটনাৰ খবৰ পাই আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গতাই দিয়ে আৰু পৰিয়ালে সৎকাৰ কৰে।
ছাত্ৰজনৰ মৃত্যুৰ বাতৰিয়ে গাঁওখনৰ লগতে সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে।