শােকাৱহ! যাত্ৰীবাহী ৰে’লৰ চেপাত ৩ মাইকী হাতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ৰে’লৰ চেপাত কৰুণ মৃত্যু ৩ বনৰীয়া হাতীৰ।

মৃত হাতী তিনিটা মাইকী হাতী বুলি প্ৰকাশ কৰিছে বন বিভাগে।

এই ঘটনাৰ স্থান তামিলনাডুৰ কইম্বাটুৰ জিলাৰ।

জানিব পৰা মতে, শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।

কইম্বাটুৰ জিলাৰ নাভাক্কাৰাইৰ ওচৰৰ মহেন্দ্ৰমেদুত মাংগালোৰ-চেন্নাই এক্সপ্ৰেছৰ খুন্দাত ১২, ১৮ আৰু ২৫ বছৰ বয়সৰ তিনিটা মাইকী হাতী নিহত হয়।

ৱালায়াৰ আৰু মাদুক্কাৰাই শাখাৰ মাজৰ এ-লাইনত মাৰাপ্পালম থোট্টমৰ ওচৰত ৰে’লপথ পাৰ হোৱাৰ সময়ত হাতীৰ সৈতে এখন ৰে’লৰ সংঘৰ্ষ হয়।

ৰে’লপথত এটা হাতীৰ মৃতদেহ পোৱা গৈছিল।

আনহাতে আন দুটাৰ মৃতদেহ ৰে’লপথৰ নিচেই কাষত পৰি ৰৈছিল।

ৰে’লচালকজনে ঘটনাৰ পাছতে ৰেলখন ৰখাই দিয়াৰ লগতে দক্ষিণ ৰেলৱেৰ বিষয়াক এই বিষয়ে অৱগত কৰে।

ঘটনাৰ পাছতে যাত্ৰীবাহী ৰে’লখন ৱালায়াৰত বহু সময় ধৰি আবদ্ধ হৈ পৰিছিল।

লগতে চাওকঃ

মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নিৰ্মম আক্ৰমণত আৰক্ষী বিষয়া, ২ সন্তানসহ নিহত ৫

Leave a Comment