নিউজ ডেস্ক। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত নির্মীয়মাণ মেট্ৰ’ ৰে’লৰ এটা খুঁটা পৰি এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হয়।
মংগলবাৰে পুৱা নৱহাৰা অঞ্চলত স্কুটাৰেৰে গৈ থকা এটা চাৰিজনীয়া পৰিয়ালৰ ওপৰত খুঁটাটো অকস্মাতে খহি পৰে। ফলত আৰোহী তেজস্বিনী আৰু পুত্ৰ বিহানৰ মৃত্যু হয়।

এই ঘটনাত মহিলাগৰাকীৰ স্বামী ললিত আৰু তেওঁলোকৰ কন্যা সন্তানটি গুৰুতৰভাবে আহত হয়।
বর্তমান দুয়োৰে চিকিৎসা বেংগালুৰুৰ এখন চিকিৎসালয়ত চলি আছে।
খুঁটাটো কি কাৰণে খহি পৰিল, তাৰ তদন্তৰ নির্দেশ দিছে প্রশাসনে।
মুখ্যমন্ত্রী বাসৱৰাজ বোম্মায়ে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে।
আনহাতে বেংগালুৰু মেট্ৰ’ ৰে’লৱে নিগমে নিহতলৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।