শােকাৱহ! মকৰ সংক্ৰান্তি উদযাপন কৰিবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৭ বন্ধুৰ

মকৰ সংক্ৰান্তিৰ আনন্দ উৎসৱ পালনৰ মাজতে শুকুৰবাৰে কৰ্ণাটকৰ দাভানাগেৰে জিলাৰ জগলুৰ তালুকৰ কানানাকাট্টে গাঁৱত ভয়াবহ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় ৭ বন্ধুৱে।

জানিব পৰা মতে, মকৰ সংক্ৰান্তি পালনৰ বাবে ৭ বন্ধুৱে বাংগালুৰুৰ পৰা বিজয়নগৰ জিলাৰ হোচাপেটলৈ গৈ থকাৰ সময়তে ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানানাকাট্টে টোল গেটৰ সমীপত তেওঁলোকৰ বাহনখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

1

দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী অধীক্ষক চিবি ৰিশ্যান্তই জানিবলৈ দিয়া মতে বাহনখনৰ চালকজন নিচাগ্ৰস্ত হৈ আছিল আৰু গাড়ী চলাই থাকোতেই টোপনি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

3

নিহতসকলক মল্লগৌড়া (২২), সন্তোষ (২১), সঞ্জীৱ (২০), জয়ভীম (১৮), ৰঘু (২৩), সিদ্ধদেশ (২০) আৰু বেদমূৰ্তি (১৮) বুলি চিনাক্ত কৰা হৈছে।

মৃতসকলৰ ভিতৰত চাৰিজন য়াদগিৰ জিলাৰ শ্বাহপুৰ তালুকৰ, আন দুজন বিজয়নগৰ জিলাৰ কুডলিগি তালুকৰ। আনহাতে আনজন নিহত যুৱকৰ বিজয়পুৰ জিলাৰ তালিকোটিত ঘৰ বুলি জানিব পৰা গৈছে।

2

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে মৃতদেহ কেইটা উদ্ধাৰ কৰি জগলুৰৰ চৰকাৰী চিকিৎসালয়ৰ শৱগৃহলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment