শােকাৱহ! বিয়াৰ পিছদিনাই ন-কইনাৰ চকুৰ সন্মুখতে আকস্মিক মৃত্যু দৰাৰ

শােকাৱহ! বিয়াৰ পিছদিনাই ন-কইনাৰ চকুৰ সন্মুখতে আকস্মিক মৃত্যু দৰাৰ

March 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক হৃদয়বিদাৰক ঘটনাই জােকাৰি গ’ল গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰ এলেকাক।

বিয়াৰ পিছদিনাখনেই ন-কইনাৰ সন্মুখত ঢলি পৰি অকাল মৃত্যুক সাৱটি ল’লে এজন দৰাই।

এই দুৰ্ভগীয়া যুৱকজনৰ নাম খগেন বৈশ্য (৩৫)। ঘৰ চন্দ্ৰপুৰত।

জানিব পৰা মতে, যোৱা ২৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল খগেন বৈশ্য নামৰ যুৱকজন।

শনিবাৰে পুৱা ন-কইনাক বাইহাটা চাৰিআলৰ লৈ চন্দ্ৰপুৰৰ বাসগৃহত উপস্থিত হৈছিল খগেন আৰু তেওঁৰ আত্মীয়-স্বজন।

কিন্তু নিশাৰ সময়ত আত্মীয় তথা বন্ধু-বান্ধৱৰ সৈতে ভোজভাত খাই শোৱা কোঠালৈ যোৱাৰ পিছতে ন-কইনাৰ সন্মুখত ঢলি পৰে খগেন বৈশ্য।

এই ঘটনাৰ সময়ত কােঠালিটােত আছিল ন-কইনা আৰু দুই যুৱতী। এই দৃশ্য দেখি লগে লগে পৰিয়ালৰ অন্যান্য সদস্যসকলক খবৰ দিয়ে।

ততালিকে খগেন বৈশ্যক পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰে। কিন্তু চিকিৎসকে খগেন বৈশ্যক মৃত ঘোষণা কৰে।

এই মৰ্মান্তিক খবৰ পোৱাৰ লগে লগে সংজ্ঞাহীন হৈ পৰা ন-কইনাক নিশাৰ ভাগতে গেট হাস্পতালত ভৰ্তি কৰোৱা হয়।

ৰবিবাৰে পুৱা খগেন বৈশ্যৰ মৃতদেহ ৰভাথলীলৈ নিয়াৰ পিছত সমগ্ৰ অঞ্চলটোতে কান্দোনৰ ৰোল উঠে।

এই শোকৰ খবৰ পোৱাৰ পিছৰে পৰা সংজ্ঞাহীন হৈ আছে খগেন বৈশ্যৰ পিতৃ-মাতৃও।

দুপৰীয়া শোকাকুল আত্মীয়ই খগেন বৈশ্যৰ নিথৰ শৰীৰ নৱগ্ৰহ শ্মশানত সৎকাৰ কৰে।

এই ঘটনাই চন্দ্ৰপুৰবাসীক শোকাভিভূত কৰি তুলিছে। উচ্চ ৰক্তচাপজনিত কাৰণতে খগেন বৈশ্যৰ মৃত্যু হোৱা বুলি চিকিৎসকে সন্দেহ কৰিছে।

উল্লেখ্য যে আৰক্ষী বিভাগত অস্থায়ীভাৱে কাম কৰে খগেন বৈশ্য।

লগতে চাওকঃ

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ অৰৱিন্দ কেজৰিৱাল!

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড