নিউজ ডেস্ক। এক ৰহস্যজনক ঘটনা।
বাচন ধােৱা পাউডাৰেৰে দাঁত ঘহি মৃত্যু ঘটিল এগৰাকী নৱবিবাহিতা মহিলাৰ।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত হাৱলাখাত।
জানিব পৰা মতে, ৰাসায়নিক বিষক্ৰিয়াৰ বাবেই এনেদৰে কৰুণ মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে।
মৃত মহিলাগৰাকীৰ নাম আৰিফা বেগম (২০)। স্থানীয় ফজল হকৰ পত্নী আৰিফা।
জানিব পৰামতে, বৃহস্পতিবাৰে পুৱা প্রায় আঠ বজাত আৰিফা বেগমে ঘৰত থকা সাজ-বাচন ধোৱা পাউডাৰেৰে দাঁত ঘহিছিল।
ইয়াৰ পিচত দিনৰ প্ৰায় এঘাৰ বজাৰ পৰা পেটৰ বিষত আক্ৰান্ত হয় মহিলাগৰাকী।
পথাৰৰ মাজত ঘৰ আৰু যাতায়াতৰ সুবিধা নথকাত মহিলাগৰাকীক স্বামী ফজল হকে বহু পলমকৈ মুকালমুৱাৰ আদাবাৰী চিকিৎসালয়লৈ নিয়ে যদিও ইয়াৰ কিছু সময় পাচতে মহিলাগৰাকীৰ মৃত্যু হয়।
নিশা মহিলাগৰাকীৰ মৃতদেহ হাজো থানাৰ মৰ্গত ৰখাৰ পাচত শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানাজা সম্পন্ন কৰা হয়।
ইপিনে, মৃত মহিলাগৰাকীৰ মাতৃগৃহৰ লােকে স্বামীয়ে হত্যা কৰা বুলি অভিযােগ উত্থাপন কৰিছে।