শােকাৱহ পথ দুৰ্ঘটনা প্ৰাণ গ’ল স্কুটী আৰােহী দুই ভগ্নী ৰিয়া আৰু শান্তাৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই ভগ্নীৰ।

গোৱালপাৰা জিলাৰ ৰংজুলিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মৃত্যু হোৱা দুই সম্পৰ্কীয় ভগ্নী ক্রমে শান্তা ৰায় (২৫) আৰু ৰিয়া ৰায় (১৮)।

এই পথ দুৰ্ঘটনাত আহত হয় শান্তা ৰায়ৰ সম্পর্কীয় ভতিজা অংশুমান ৰায় (৮)।

photo 2023 01 17 12 09 20
শােকাৱহ পথ দুৰ্ঘটনা প্ৰাণ গ’ল স্কুটী আৰােহী দুই ভগ্নী ৰিয়া আৰু শান্তাৰ 2

জানিব পৰা মতে, সােমবাৰে দিনৰ প্ৰায় ১.৩০ বজাত ৰংজুলি আৰক্ষী থানৰ অন্তৰ্গত সাৰাপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰা অভিমুখে গৈ থকা এ এছ-০১ এ জেড-৮০৭২ নম্বৰৰ তীব্ৰবেগী নিচান চানি বাহন এখনে ভুল দিশে গৈ ধূপধৰা দিশে গৈ থকা এ এছ-১৮ এফ ৫৩৩০ নম্বৰৰ স্কুটীখনত প্ৰচণ্ড খুন্দা মাৰি এ এছ-জে 0122 নম্বৰৰ বাইকখনতো প্ৰচণ্ড খুন্দা মাৰে।

ফলত স্কুটীখন চুমে হৈ পৰাৰ লগতে ঘটনাস্থলীতে মৃত্যু হয় স্কুটা আৰোহী শান্তা ৰায়ৰ।

গুৰুতৰভাৱে আহত হয় আনজন স্কুটী আৰোহী ৰিয়া ৰায়।

ইফালে বাইকত থকা শান্তা ৰায়ৰ জ্যেষ্ঠ ভাতৃয়ে সামান্য পৰিমাণে আঘাত পায় যদিও বাইকখনতেই থকা অংশুমান ৰায় নামৰ শিশুটো গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ খবৰ পোৱা মাত্রকে ঘটনাস্থলীত উপস্থিত হোৱা ৰংজুলি আৰক্ষীয়ে ৰাইজৰ সহযোগত আহতকেইজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ৰংজুলি প্রাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে।

ৰংজুলি প্ৰাথমিক স্বাস্থ্যকেন্দ্রত প্রাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে ৰিয়া ৰায়ক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় অংশুমানক।

কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসালয়লৈ নি থকা অৱস্থাত প্ৰাণ ত্যাগ কৰে ৰিয়া ৰায়ে।