শােকাৱহ! পথ দুৰ্ঘটনাত মৃত্যু চিকিৎসক ডাঃ সৌৰভৰ, বিধ্বস্ত বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে এগৰাকী চিকিৎসকে।

কৰ্তব্যৰত অৱস্থাত নিজৰ ব্যক্তিগত বাহনেৰে যাত্ৰা কৰাৰ সময়তে আন এখন বাহনৰ সৈতে হােৱা মুখামুখি সংঘৰ্ষত মৃত্যু ঘটিল ডাঃ সৌৰভ বেনাৰ্জীৰ।

এই ভয়ংকৰ পথ দুৰ্ঘটনাটাে সংঘটিত হয় ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত গৰেৰহাটৰ ১৭নং ঘাই পথত।

P5

ডাঃ সৌৰভৰ হােণ্ডাই বাহনখন

এই ঘটনাত নিহত ডাঃ সৌৰভ বেনাৰ্জী ধুবুৰী জিলাৰ আগমনী সমূহীয়া স্বাস্থ্যকেন্দ্ৰত কৰ্মৰত আছিল।

জানিব পৰা মতে, বুধবাৰে দিনৰ ১১ মান বজাত সংঘটিত হয় এই শােকাৱহ পথ দুৰ্ঘটনা।

গুৱাহাটী নিবাসী ডাঃ সৌৰভ বেনাৰ্জীয়ে নিজৰ হোণ্ডাই এএছ ০৬ এছ ৬৭৩৯ নম্বৰৰ বাহনখন চলাই হালাকুৰাৰ পৰা আগমনীৰ দিশে যাত্ৰা কৰিছিল।

P6

দুৰ্ঘটনাগ্ৰস্ত আৰ্টিগা বাহনখন

তেনে সময়তে সময়ত বিপৰীত দিশৰ পৰা তীব্র বেগত অহা ডব্লিউ বি ৬৪ ডব্লিউ ৯২১০ নম্বৰৰ মাৰুতি আৰ্টিগা গাড়ীৰে ভয়ংকৰ মুখামুখি সংঘর্ষ হয়।

P8

ডাঃ সৌৰভ বেনাৰ্জী

এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ডাঃ সৌৰভ বেনাৰ্জী থিতাতে নিহত হয়।

P7

আনহাতে, দুর্ঘটনা সংঘটিত কৰিয়েই আৰ্টিগা গাড়ীখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

গুৱাহাটীৰ বাসিন্দা ডাঃ সৌৰভ বেনাৰ্জী কর্মসূত্রে ধুবুৰীৰ আগমনীত আছিল। চিকিৎসকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰে।

লগতে চাওকঃ

স্কুটী আৰােহী দম্পতীক মহটিয়াই নিলে কয়লা পৰিবাহী ট্ৰাকে, মহিলাৰ মৃত্যু

G6

তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে বাইক আৰােহী আৰক্ষী জোৱানক, থিতাতে মৃত্যু

G7

Leave a Comment