শােকাৱহ! পথ দুৰ্ঘটনাত আৰক্ষীৰ জােৱান মনোৰঞ্জন গগৈৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা।

নিতৌ সংঘটিত একাধিক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু লােকে। আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে বহু লােক।

যােৱা ৩੦ নৱেম্বৰত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে বিয়লি অকালতে প্ৰাণ হেৰুৱালে মনােৰঞ্জন গগৈ নামৰ এগৰাকী অসম আৰক্ষীৰ জােৱানে।

জানিব পৰা মতে, ৩০ নৱেম্বৰত তিনিচুকীয়া জিলাৰ অন্তৰ্গত লাইপুলিৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মনােৰঞ্জন গগৈ।

263210740-421240256332485-7135152351266933870-n

প্ৰয়াত মনােৰঞ্জন গগৈ

বাইকেৰে কৰ্তব্যস্থলীৰ পৰ ঘৰ অভিমুখে বন্ধু অম্লান গগৈৰ সৈতে যাত্ৰা কৰাৰ সময়তে আন এখন বাহনৰ সৈতে সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছিল মনােৰঞ্জন গগৈ তথা বন্ধু অম্লান গগৈ।

বিগত ৩ দিন ধৰি ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয়ত জীৱন মৰণৰ সৈতে যুঁজ দি অসম আৰক্ষীৰ হাবিলদাৰ মনোৰঞ্জন গগৈয়ে শুকুৰবাৰে আবেলি কৰুণ মৃত্যুক আঁকোৱালি লয়।

এই মৃত্যু খবৰে তিনিচুকীয়া চিলাৰ চাবুৱাৰ নিকটৱৰ্তী দংগচুক গাঁৱৰ লগতে বৃহত্তৰ চাবুৱা অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে মনােৰঞ্জন গগৈ দংগচুক গাঁৱৰ কৃষক প্ৰদীপ গগৈৰ একমাত্ৰ পুত্ৰ আছিল।

এই দুৰ্ঘটনাত আহত অম্লান গগৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল CRPF জােৱান, পথ দুৰ্ঘটনাত মৃত্যু

Leave a Comment