
এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৩ জন সদস্যই। আহত হ’ল এজন।
মহাৰাষ্ট্ৰৰ পুনেত মঙলবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত পৰিয়ালৰ আন এজন সদস্য গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
পুনে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১০.৩০ বজাত পুনে-বাৰামতী ৰোডত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

জানিব পৰা মতে, পৰিয়ালটোৱে এখন বাহনেৰে পুনেৰ এটা কাৰ্যসূচীত অংশ লৈ বাৰামতীলৈ উভতি অহাৰ সময়তে পুনে চহৰৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ টাৰ্ডোলি গাঁৱত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন কুঁহিয়াৰ কঢ়িওৱা ট্ৰেইলাৰত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাত পৰিয়ালটোৰ তিনিজন সদস্যৰ থিতাতে মৃত্যু ঘটে।
আনহাতে গুৰুতৰভাৱে আহত আনজন সদস্যক সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
নিহত সকলক ক্ৰমে- অশ্বিনী শ্ৰেনিক ভাণ্ডাৰী (৪৮), মিলিন্দ শ্ৰেনিক ভাণ্ডাৰী (২৪) আৰু কবিতা উদয় শ্বাহ (৬২) বুলি চিনাক্ত কৰিছে।
আনহাতে আহতজনক বিন্দিয়া সুনীল ভাণ্ডাৰী (৪০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, বাৰামতীৰ নিৱাসী পৰিয়ালটো গহনা ব্যৱসায়ৰে জড়িত।
লগত চাওকঃ
প্ৰচণ্ড তুষাৰপাত-হিমস্খলনত আবদ্ধ ৩০ জন পৰ্যটকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনাৰ
